Science Exams Canceled :হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুনৰ অথন্তৰ !

ম'বাইলত ভাইৰেল হ'ল বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত, ছেবাই বাতিল কৰিলে পৰীক্ষা

WhatsApp Image 2023 03 13 at 11.46.50

Science Exams Canceled :

হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুনৰ অথন্তৰ ৷ আজি হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা ছেবাই বাতিল কৰে।

উল্লেখ্য যে দেওবাৰে নিশা ছ’চিয়েল মিডিয়াত ভাইৰেল হয় বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত| এই বাবেই পৰীক্ষা বাতিলৰ সিদ্ধান্ত লয় ছেবাৰ |

আজি পুৱা ন বজাৰ পৰা হ’বলগীয়া পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী সকলে পূৰ্ণ উদ্যমেৰে সাজু হৈ থকাৰ পৰীক্ষাৰ সময়তেই দেওবাৰে নিশাই ছেবাই এই নিৰ্দেশনা যোগে পৰীক্ষা বাতিলৰ ঘোষণা কৰে |

মনকৰিবলগীয়া যে চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভণিৰ পৰাই যথেষ্ট খেলমেলিৰে আৰম্ভ হৈছিল ৷ কাছাৰৰ দুটাকৈ পৰীক্ষা কেন্দ্ৰত ইংৰাজী পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উঠিছিল ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুৱে প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি প্ৰকাশ কৰিছিল |

শেহতীয়াকৈ দেওবাৰে বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ছেবাই বাতিল কৰিছে পৰীক্ষা | বাতিল হোৱা এই বিজ্ঞান বিষয়ৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ’ব সেইয়া বৰ্তমানলৈকে ছেবাই উল্লেখ কৰা নাই |

আনহাতে পৰীক্ষাৰ মাজনিশা হঠাতে এই পৰীক্ষা বাতিল কৰাত স্বাভাৱিকতেই পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত অসন্তুষ্টি প্ৰকাশ পাইছে ৷

ইটোৰ পাছত সিটোকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অথন্তৰ হোৱা বিষয়টোৱে ছেবাৰ চৰম দায়িত্বহীনতা প্ৰকাশ পাইছে বুলি মন্তব্য কৰে সচেতন মহলে ৷

আনপিনে বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টোক মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷

Exit mobile version