SEBA : ছেবাই ঘোষণা কৰিলে বাতিল হোৱা মেট্ৰিক পৰীক্ষাৰ তাৰিখ

SEBA  : বাতিল হোৱা সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা ৩০ মাৰ্চত অনুষ্ঠিত হ’ব।

bfc8c9d1 9200 46dc abe1 aa9f19157d60

SEBA :

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত দেওবাৰে নিশা ম’বাইলে ম’বাইলে ভাইৰেল হোৱাৰ পাছত নিশাই ছেবাই উল্লিখিত পৰীক্ষা বাতিল কৰিছিল ৷ ইয়াৰ পাছতে আছু সহ বিভিন্ন সংগঠনে শিক্ষামন্ত্ৰী আৰু ছেবাৰ বিৰুদ্ধে সৰব হৈ পৰে ৷

আজি দুপৰীয়াভাগত ছেবাই এক বিজ্ঞপ্তি যোগে ৩০ মাৰ্চত বাতিল হোৱা বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে,পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ আজি অসম বিধানসভাতো বিৰোধী দল সমূহে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগো দাবী কৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷

এনে ঘটনাক্ৰমৰ মাজতে আজি ছেবাই গুৱাহাটীস্থ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি ৩০ মাৰ্চত বাতিল হোৱা বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে ৷আনহাতে টুইটযোগে বিজ্ঞানৰ পৰীক্ষা দিন ঘোষণা কৰা কথা সদৰি কৰে শিক্ষামন্ত্ৰীয়ে ৷

Exit mobile version