Five Question To The CM : মুখ্যমন্ত্ৰীক পাঁচটা প্রশ্নেৰে প্ৰত্যাহ্বান কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ

কৰ্ণাটকত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কোৱা কথা আৰু কামৰ মাজত কোনো সংগতি নাই

ba44197e c2e4 4d49 9f38 4a9589631595

Five Question To The CM :

কেৱল মিছাৰ আশ্ৰয় লৈ ৰাইজক চূড়ান্ত প্ৰতাৰণা কৰাত লাগিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ অসমৰ সীমা চেৰাই কৰ্ণাটকত চূড়ান্ত মিছাৰে ৰাইজৰ সন্মুখত নিজকে ‘ধোৱা তুলসীৰ পাত বুলি জাহিৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে
এইজনা সৰ্বকালৰ মিথ্যাচাৰী আৰু ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে।

সোমবাৰে কৰ্ণাটকৰ সভাত গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীজনে কৰ্ণাটকৰ ৰাইজক “পৰিয়াল নহয়, ৰাইজক প্রতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ আহ্বান জনাই অসমৰ ৰাইজৰ দৃষ্টিত নিজকে পুনৰ এগৰাকী হাঁহিয়াত পাত্ৰলৈ পৰ্যবসিত কৰিলে।

তেওঁৰ এই কথা আৰু তেওঁ নিজে কৰি অহা কামৰ মাজত যে কোনো সংগতিয়েই নাই। সেই কথা অসমবাসীয়ে জানে। এইদৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই এক বিবৃতিত কয় যে এতিয়া মুখ্যমন্ত্ৰীজনৰ মিথ্যাচাৰী চৰিত্ৰই অসমৰ সীমা পাৰ কৰি কৰ্ণাটকত প্ৰৱেশ কৰিলে !

মহন্তই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে দেশৰ ভিতৰতে সৰ্বাধিক গৰ্ভৱতী মহিলাৰ মৃত্যুৰ পৰিসংখ্যাৰ তালিকাত এক নম্বৰত আপোনাৰ মুখ্যমন্ত্ৰিত্বত চলি থকা অসম চৰকাৰী তথ্য মতেই দেশৰ ভিতৰতে দুখীয়া ৰাজ্যৰ তালিকাৰ ছয় নম্বৰত (৩২.৬৭ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত) যে আপোনাৰ মুখ্যমন্ত্রিত্বতে চলি থকা অসম সেই তথ্যখিনিও কৰ্ণাটকৰ ৰাইজক আপোনাৰ মুখেৰে জনাই থৈ অহাৰ সাহস দেখুৱালে সুখী হ’লোহেঁতেন।

মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি তলত উল্লেখ কৰা পাঁচটা বিষয়ত আপোনাৰ উত্তৰ ৰাজহুৱাকৈ দিয়াৰ সাহস কৰক, তেতিয়াই ওলাই পৰিব কৰ্ণাটকত ৰাইজৰ স্বাৰ্থত কাম কৰা এজন মুখ্যমন্ত্রী বাছনি কৰিবলৈ আহ্বান জনোৱা অসমৰ মুখ্যমন্ত্ৰীজনে আচলতে নিজে কাৰ বাবে কাম কৰি আহিছে-

১) “সাৰদাৰ বিস্কুট কোনে খাইছিল আৰু কাৰ পৰিয়াল চি বি আইৰ মুখামুখি হ’বলগীয়া হৈছিল ? ২) ‘লুই-বাৰ্জাৰ’ৰ দুৰ্নীতিৰ প্ৰসংগত বি জে পিৰ সংসদীয় ব’ৰ্ডৰ পুস্তিকাত কাৰ বিৰুদ্ধে অভিযোগ অনা হৈছিল ?। ৩) ‘দি ৱায়াৰ’ নামৰ বাৰ্তালোচনীখনে কোন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি-কেলেংকাৰীৰ কথা উদঙাই দিবলগীয়া হৈছিল?

৪) কেৱল নিজৰ আৰু পৰিয়ালৰ উত্তৰণৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰি এতিয়া ভাৰতবৰ্ষৰ ভিতৰত কোনজন মুখ্যমন্ত্ৰীৰ পৰিয়াল ধনী পৰিয়ালৰ শাৰীলৈ উঠিছে?

৫) কেই সপ্তাহমানৰ আগেয়ে অসমৰে এগৰাকী সাংসদে আপোনাৰ বিৰুদ্ধে ৰাজহুৱা ধন আত্মসাৎ কৰা আৰু পৰিয়ালৰ উত্তৰণৰ বাবে সকলো ক্ষমতা ব্যৱহাৰ কৰাৰ গুৰুতৰ ৰাজহুৱা অভিযোগ তুলি আপোনাৰ পৰিয়ালৰ মালিকানাধীন টেলিভিছন চেনেলতে মুখামুখিকৈ বিতৰ্কৰ সন্মুখীন হ’বলৈ প্ৰত্যাহ্বান জনাইছিল।

আজিলৈকে আপুনি সেই প্রত্যাহ্বান গ্রহণ কৰিব পৰা নাই কিয়?

Exit mobile version