Jakir Hussain Sikdar Expelled From The House : সদনৰ পৰা বহিষ্কাৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ

উপ- দলপতিৰ অনুৰোধত অধ্যক্ষই পুনৰ সদনত প্ৰৱেশৰ অনুমতি শিকদাৰক

6ba1ca50 85f3 4e5d b6c8 3c32a127482f

Jakir Hussain Sikdar Expelled From The House :

বাজেট অধিৱেশনৰ চতুৰ্থ দিনটোত আজি পুনৰ উত্তাল কৰি তোলে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ এম জি এনৰেগা সন্দৰ্ভত চৰকাৰক সমালোচনাৰে থকাসৰকা কৰি থকাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মাৰ্চাল লগাই সদনৰ পৰা উলিয়াই দিয়ে বিধায়ক শিকদাৰক লগতে দিনটোৰ বাবে নিলম্বন কৰে ৷ আনহাতে অধ্যক্ষৰ এই পদক্ষেপক কংগ্ৰেছ বিধায়ক সকলে তীব্ৰ বিৰোধিতাৰে প্রশ্নোত্তৰ শিতান বৰ্জন কৰি সদন ত্যাগ কৰে ৷

বিৰোধী উপ- দলপতি ৰকিবুল হুছেইনে এই সন্দৰ্ভত কয়,চৰকাৰে এম জি এনৰেগা ৰূপায়ণৰ ক্ষেত্ৰত মন্ত্ৰীয়ে যথাযোগ্য উত্তৰ নিদি দায়সৰা মন্তব্য দি মুল বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা কৰিছে৷

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়,বিৰোধীক প্ৰশ্নোত্তৰ শিতানত প্ৰশ্ন সোধাৰ সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে ৷বিধায়কদ্বয় জাকিৰ হুছেইন শিকদাৰ আৰু ৰকিবুল হুছেইনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা পৰিপূৰক প্ৰশ্ন উত্তৰ বিচাৰিছিল বিভাগীয় মন্ত্ৰীৰ পৰা ৷ কিন্ত মন্ত্ৰীৰ উত্তৰ ইতিবাচক নাছিল ৷ প্ৰশ্নৰ উত্তৰ দিয়াত ব্যৰ্থ হৈছিল মন্ত্ৰী ৷

উল্লেখ্য যে,সদনৰ উপ দলপতি ৰকিবুল হুছেইনে জাকিৰ হুছেইন শিকদাৰৰ নিলম্বনটো উঠাই লোৱাৰ বাবে অধ্যক্ষক অনুৰোধ জনোৱাত অধ্যক্ষই নিলম্বন উঠাই লোৱা হ’ল বুলি সদনত ঘোষণা কৰে ৷ ইয়াৰ পাচতে সদনত প্ৰৱেশ কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰ৷

মনকৰিবলগীয়া যে,বিধায়ক শিকদাৰক সদনৰ বহিস্কাৰৰ প্ৰতিবাদত কংগ্ৰেছী বিধায়ক সকলে সদন ত্যাগ কৰি ওলাই অহাৰ পাছতে উপ দলপতি ৰকিবুল হুছেইনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা পৰিপূৰক প্ৰশ্নৰ সম্পৰ্কত কয়, ৰাজ্যত মুঠ জৰ্বকাৰ্ড হোল্ডাৰ আছে প্ৰায় ৪১ লাখ ৩৬ হাজাৰ ৷কিন্ত দুৰ্ভাগ্যজনক কথা যে ,জব কাৰ্ড ইছ্যু কৰা হৈছে মাত্ৰ ৭০ হেজাৰ জনক ৷

আনহাতে চৰকাৰে সদৰি কৰা মতে, ৰাজ্যত সাত কোটি কৰ্মদিনৰ সূচনা কৰা হৈছে৷ কিন্ত চৰকাৰে কৰিব লাগিছিল ৪০ কোটি ৷ কিয়নো সক্ৰিয় হৈ থকা জবকাৰ্ডৰ সংখ্যা ৪০ হেজাৰ ৷ এই সকলক অন্তত এশ দিনকৈ কাম দিলেই হ’ব প্ৰায় ৪০ কোটি৷

চৰকাৰে পুঁজি অভাৱৰ দোহাই দি এনৰেগা আচঁনি খন ৰূপায়ণ পৰাত ব্যৰ্থ হৈছে ৷ আনকি কৰ্মদিন সূচনা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ৷মাত্ৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ কাম কিছু অগ্ৰগতি লাভ কৰিছে বুলি প্ৰকাশ কৰি বিধায়ক হুচেইনে এইবোৰ গুৰত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সোধাৰ বাবে বিৰোধীৰ ওপৰত ক্ষুন্ন শাসকীয় পক্ষ ৷যাৰবাবে সদনৰ পৰা নিলম্বন কৰি বহিস্কাৰ কৰা হৈছে জাকিৰ হুছেইন শিকদাৰক ৷

শাসক পক্ষই জনা উচিত যে,গণতন্ত্ৰত বিৰোধী বিধায়কে সদায় জণগণৰ মুল সমস্যা সমূহ সদনত ধ্যান আকৰ্ষণ কৰে চৰকাৰক ৷চৰকাৰে বিষয় সমূহ গুৰুত্বসহকাৰে লৈ তাৰ সময়োচিত পদক্ষেপ ল’ব লাগে বুলি মন্তব্য কৰে হুচেইনে ৷

Exit mobile version