নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই আজি সমষ্টিটোৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়ত এলেকাৰ বিভিন্ন গাৱঁত চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানৰে মুঠ সোঁতৰটা আচঁনিৰ কামৰ শুভাৰম্ভণি কৰে ৷ আজি পুৱা ১১ বজাত বিধায়ক গৰাকীয়ে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা, আঞ্চলিক সদস্য ফনীনাথ লহকৰ সমন্বিতে একাংশ দলীয় কৰ্মীক লগত লৈ চতমা ব্ৰাক্ষণছমাৰকুছি চুবুৰীৰ এটি পথৰ শুভাৰম্ভণি কৰে ৷
ইয়াৰ পিচতে ক্ৰমে লৰমা বটাকুছিৰ কালিমন্দিৰৰ সভাঘৰ, ২নং লৰমাবটাকুছিত এটি পথ, লৰমা কালিমন্দিৰ পুখুৰীৰ গাৰ্ড ওৱাল, পূৰ্ণদৈচপৰা হৰেকৃষ্ণ মন্দিৰকে ধৰি কে’বা লাখ টকাৰ অনুদানৰে আবণ্টিত আচঁনি সমূহৰ শুভাৰম্ভণি কৰে ৷ আচঁনিসমূহ শুভাৰম্ভ কৰি বিধায়ক গৰাকীয়ে কয় যে অন্য কিছু দল সংগঠনে বিজেপিক সাম্প্ৰদায়িক দল বুলি অপপ্ৰচাৰ চলাই আছে ৷ আমি কিন্তু জাতপাত বিচাৰ নকৰো ৷ আমি সকলো সম্প্ৰদায়ৰে উন্নয়ণ বিচাৰো ৷ জাতপাতৰ বিচাৰ কৰি কোনো আচঁনিয়ে ৰূপায়ণ কৰা নাই ৷
আজিৰ কাৰ্য্যসূচীত বিজেপি বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সম্পাদক মৃগেন শৰ্মা, প্ৰাক্তন সম্পাদক চন্দন ডেকা, পঞ্চায়ত সচিব শংকৰ পণ্ডিত, কনিষ্ঠ অভিযন্তা কৰুনা হালৈৰ উপৰিও দলীয় কাৰ্যকৰ্তা সকলে সহযোগিতা কৰে ৷






























