Bodoland Tourism : বড়োলেণ্ড পৰ্যটন বিভাগৰ উদ্যোগ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব গ্ৰাম্য পৰ্যটন মেলা,শুভাৰম্ভ কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে

WhatsApp Image 2023 03 15 at 18.06.55

Bodoland Tourism :

প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ কাহিবাৰীত অহা ১৮ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গ্ৰাম্য পৰ্যটন মেলা

য’ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যৰে অংশগ্ৰহণ কৰিব৷ প্ৰদৰ্শিত হ’ব অসমীয়া,বড়ো,চান্থালী,বঙালীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ সুকীয়া সুকীয়া খাদ্য সম্ভাৰৰ লগতে তেওঁলোকৰ স্বকীয় সাজ-পাৰ আৰু হাতে সজা বিভিন্ন সামগ্ৰী ।

সুকীয়া সুকীয়া বিপনীত প্ৰদৰ্শিত সামগ্ৰীসমূহ ইচ্ছুক ক্ৰেতা ৰাইজে ক্ৰয় কৰাৰো সুবিধা থাকিব দুদিনীয়া এই গ্ৰাম্য পৰ্যটন মেলাত ।

বড়োলেণ্ড পৰ্যটন বিভাগৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে এনেদৰে গ্ৰাম্য পৰ্যটন মেলা আয়োজনৰ কথা জানিবলৈ দিয়ে বড়োলেণ্ড পৰ্যটন বিভাগৰ সঞ্চালক জয়ন্ত শৰ্মা আৰু বড়োলেণ্ড পৰ্যটন বিভাগৰ ও এচ ডি সনৎ কুমাৰ মহন্তই।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানক দেশ বিদেশৰ জনসাধাৰণৰ মাজত আৰু অধিক পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰেই গ্ৰাম্য পৰ্যটন মেলাৰ আয়োজন কৰা হৈছে বুলি পৰ্যটন বিভাগৰ দুয়োগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে।

দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই গ্ৰাম্য পৰ্যটন মেলাৰ শুভ উদ্বোধন কৰিব বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ অনুষ্ঠানত বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসৰ লগতে প্ৰশাসনীয় বিভিন্ন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকিব বুলি দুয়োগৰাকী বিষয়ববীয়াই সদৰি কৰিছে ।

Exit mobile version