DGP Visit Dibrugarh : প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিৰ বুজ ল’বলৈ

ডিব্ৰুগড়ত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

download 3 3

DGP Visit Dibrugarh :

চলিতবৰ্ষৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলকলৈ ইতিমধ্যে ক্ষীপ্ৰতাৰে চি আই ডিয়ে তদন্ত অব্যাহত ৰাখি উজনিৰ ডিব্ৰুগড় ,তিনিচুকীয়া সহ কেবাখনো জিলাৰ বহু কেইজন ছাত্ৰক আটক কৰাৰ সমান্তৰালভাৱে সংশ্লিষ্ট জিলাৰ আৰক্ষীয়ে আটক কৰিছে ইজনৰ পাছত সিজনকৈ কেলেংকাৰীৰ স’তে সাঙোৰ খাই পৰা শিক্ষাৰ্থীক ৷

লখিমপুৰৰ পানীগাওঁৰ পৰা এজনক আৰু ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত আগশ শিক্ষানুষ্ঠান ছল্ট বুক একাডেমীৰ পৰা আৰক্ষীয়ে মঙলবাৰে নিশা কেবাগৰাকী শিক্ষাৰ্থীক আটক কৰি ইতিমধ্যে গুৱাহাটীস্থ চি আই ডি কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ মাজতে বুধবাৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং উপস্থিত হয় ডিব্ৰুগড়ত ৷

প্ৰাপ্ত খবৰ অনুসৰি অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে উজনি অসমৰ কে’বাখনো জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে এক ৰুদ্ধদ্বাৰ মিলিত হোৱাৰ কথা৷বৈঠকত প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ অগ্ৰগতিৰ বুজ ল’ব ডি জি পি গৰাকীয়ে ৷

Exit mobile version