H2N2 Virus : ‘হংকং ফ্লু’ৰ উপসৰ্গ লৈ গুজৰাটত মহিলাৰ মৃত্যু , কি কি লক্ষণে চিন্তা বৃদ্ধি কৰিছে চিকিৎসকসকলৰ ?

1678875463 virus 1
H2N2 Virus :

গুজৰাটৰ বৰোদাত ফ্লুৰ লক্ষণত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ এগৰাকী ৫৮ বছৰীয়া মহিলাৰ মৃত্যু হয়। বৰোদাৰ এখন চৰকাৰী চিকিৎসালয়ত মহিলাগৰাকীৰ মৃত্যু হয়।

মৃত মহিলাগৰাকীৰ তেজৰ নমুনা পৰীক্ষা কৰি তেওঁ আচলতে এইচ৩এন২ ভাইৰাছত সংক্ৰমিত হৈছিল নে নাই সেয়া পৰীক্ষা কৰা হৈছে। মৃত মহিলাগৰাকী বাৰোদক ফতেহগঞ্জ অঞ্চলৰ বাসিন্দা।

ফেব্ৰুৱাৰীমাহৰ পৰাই, সমগ্ৰ দেশতে ভাইৰেল ফ্লুত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়া ঘৰে ঘৰে জ্বৰ, চৰ্দি আৰু কাহত ভুগি থকা ৰোগী ।

জ্বৰ নাইকিয়া হ’লেও, কাহ, চৰ্দি এমাহৰো অধিক সময় ধৰি চলি থাকে । উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত ইনফ্লুৱেঞ্জা এ ভাইৰাছৰ উপপ্ৰকাৰ এইচ৩এন২-ৰ ফলত দুটা মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

চিকিৎসালয়সমূহত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা । যদি গুজৰাটত এগৰাকী মহিলাৰ তেজৰ নমুনাত এইচ৩এন২ ভাইৰাছও পোৱা যায়, তেন্তে দেশত এইচ৩এন২-ৰ পৰা মৃত্যুৰ সংখ্যা তিনিলৈ বৃদ্ধি হ’ব। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, মহিলাগৰাকীক ১১ মাৰ্চত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু ১৩ মাৰ্চত মৃত্যু হয়।

চিকিৎসালয়খনৰ আৱাসী চিকিৎসা বিষয়াই (আৰএমঅ’) জনাই, “মহিলাগৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে। এখন পৰ্যালোচনা সমিতি গঠন কৰা হৈছে। এই সমিতিয়ে মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ অনুসন্ধান কৰিব। চৰকাৰী প্ৰতিবেদন অনুসৰি, ১০ মাৰ্চলৈকে গুজৰাটত এইচ৩এন২ ভাইৰাছৰ বাবে মাত্ৰ তিনিজন লোকৰ পৰীক্ষা ইতিবাচক হৈছে।

জ্বৰৰ উপৰিও, এই ভাইৰাছৰ আক্ৰমণত কাহ, নাকৰ পৰা পানী ওলোৱা, ডিঙিৰ বিষ আৰু মুৰৰ বিষ আদি লক্ষণ দেখা যায়। বহুক্ষেত্ৰত, ডায়েৰিয়া, বমি, গোটেই শৰীৰত বিষো অনুভৱ হয় ।

আন লক্ষণবোৰ তিনি দিনৰ ভিতৰত হ্ৰাস হ’বলৈ আৰম্ভ কৰে যদিও কাহ কমিবলৈ ১৫ দিনতকৈ অধিক সময় লাগে। যদি এনে কোনো লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকসকলে বাৰে বাৰে সাৱধান হ’বলৈ কৈছে ।

বিশেষকৈ শিশু আৰু বৃদ্ধ লোক যাৰ কোমৰ্বিডিটি আছে, চিকিৎসকে কয় যে তেওঁলোকে অতিৰিক্ত সাৱধান হোৱা উচিত।

Exit mobile version