Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

WhatsApp Image 2023 03 15 at 11.55.38

Kaziranga Tiger:

এশিঙিয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ পৰ্যটকৰ বাবে বিশেষ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ ৷ ইয়ে অভয়াৰণ্য খনৰ পৰ্যটনক নতুন মাত্ৰা প্ৰদান কৰিছে শেহতীয়াকৈ ৷

গড় ,পহুকে ধৰি ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ অহা পৰ্যটকৰ কিন্ত কেন্দ্ৰবিন্দু হৈছে বাঘ ৷
উল্লেখ্য যে,বিগত কে’বা বছৰ ধৰি অভয়াৰণ্য খনৰ বাঘ প্ৰত্যক্ষ কৰাটো দুৰ্লভ আছিল যদিও যোৱা দুটা মাহত অধিকাংশ পৰ্যটকৰে বাঘ দেখাৰ সৌভাগ্য লাভ কৰিছে ৷

উদ্যান খনৰ চাৰিটা ৰেঞ্জতে পৰ্যটকে স্বচক্ষে দেখিছে বাঘ ৷ বাঘে মুক্তমনে পাইচাৰী কৰি আছে বনাঞ্চলৰ ভিতৰত ৷

মনকৰিবলগীয়া যে , বিগত বৰ্ষবোৰতকৈ কাজিৰঙাত দিনক দিনে বৃদ্ধি পাছতে দেশী-বিদেশী পৰ্যটকৰ সংখ্যা ৷ যাৰবাবে কাজিৰঙাৰ পৰ্যটন উদ্যোগে নতুন গতি লাভ কৰিছে ৷

একেদৰে অভয়াৰণ্য খনে বিগত বৰ্ষবোৰৰ তুলনাত চলিত বৰ্ষত সংগ্ৰহ কৰিছে কে’বাকোটি ৰাজহ

Exit mobile version