Primary Teacher:শিক্ষকতাৰ বাদে আন কাৰ্যত নিয়োগ কৰিব নোৱাৰিব শিক্ষকক !

WhatsApp Image 2023 03 15 at 11.34.39

Primary Teacher :

অসম চৰকাৰে তাৎক্ষণিকভাৱে জাৰি কৰা নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা শিক্ষকতাৰ বাদে আন কাৰ্যত নিয়োগ কৰিব নোৱাৰিব প্ৰাথমিক শিক্ষকক ৷

আন দায়িত্বত নিয়োগ হৈ থকা শিক্ষকসকলক শীঘ্ৰে অব্যহতি দিবলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক বিষয়া সকলক নিৰ্দেশনা জাৰি কৰে শিক্ষা সচিবে।

২৫ মাৰ্চৰ পূৰ্বে সকলো শিক্ষকে নিজ নিজ বিদ্যালয়ত যোগদান কৰাৰ নিৰ্দেশ। উল্লেখ্য যে,চৰকাৰী নিৰ্দেশনাটোত শিক্ষা সচিবে স্পষ্ট কৰি দিয়ে যে বিদ্যালয়ত পাঠদান নকৰিলে বিদ্যালয় প্ৰধানক নিৰ্দিষ্ট শিক্ষকৰ দৰমহাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰো নির্দেশ।

অন্যথা এই ক্ষেত্ৰত কঠোৰ হ’ব ৰাজ্যৰ শিক্ষা বিভাগ

Exit mobile version