Satgaon Incident :মহানগৰীৰ সাতগাঁৱত অঘটন !

খেলি থাকোতেই ব্ৰজপাত পৰি থিতাতে মৃত্যু কিশোৰীৰ

ced42c92 67b5 4b80 9ee3 13786f1d740f 1

Satgaon Incident :

ফাগুনৰ শেষ দিনটোত মহানগৰীত আহিল এজাক মুষলধাৰ বৰষুণ ৷ দিনতে এন্ধাৰ হ’ল মহানগৰী৷ প্ৰচণ্ড বিজুলী-ঢেৰেকনিৰ মাজতে সাতগাঁওত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ ব্ৰজপাত পৰি মৃত্যু হ’ল কিশোৰীৰ।

সাতগাঁৱৰ প্ৰগতি নগৰৰ উপ পথ নং ৫ ত সংঘটিত হয় মৰ্মান্তিক ঘটনাটো। প্ৰাপ্ত খবৰ অনুসৰি নিজৰ ঘৰৰ চোতালত বায়েকৰ লগত খেলি থাকোতে প্ৰচণ্ড বিজুলী-ঢেৰেকনি দিয়ে ৷ হঠাতে বজ্ৰ পৰি চোতালতে ঢলি পৰে মমতা বেগম ওৰফে ধুনু৷

ইয়াৰ পাছতে হুৱাদুৱা লাগে ৷স্থানীয়লোকে ততাতৈয়াকৈ কিশোৰীজনীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

উল্লেখ্য যে,শোকাৱহ ঘটনাটি সংঘটিত হোৱাৰ সময়ত কিশোৰীৰ পিতৃ- মাতৃ দিন হাজিৰা কৰিবলৈ গৈছিল ৷ এঘাৰ বছৰীয়া কিশোৰী গৰাকীৰ মৃত্যুত সাতগাঁওৰ প্ৰগতি নগৰত গভীৰ শোকৰ ছাঁ পৰে ৷

Exit mobile version