DGP GP Sing Speech : মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ বাবে ডিব্ৰুগড়ত আৰক্ষী সঞ্চালক প্ৰধান

শীৰ্ঘেই আৰক্ষীৰ জালত পৰিব মুল মাষ্টাৰ মাইণ্ড

0bfc2524 0bd0 47cb bcdc c9ffffa95a23

DGP GP Sing Speech :

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কত আৰক্ষীৰ তদন্তৰ অগ্ৰগতিৰ বাবে বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙ

নিশাটো বাহৰ পাতি থকাৰ পাছত আজি পুৱা ডি জি পি গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে অসম আৰক্ষীয়ে এতিয়ালৈকে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত লিক কেলেংকাৰীৰ সন্দৰ্ভত শিক্ষাৰ্থী সহ ২৫ জন লোকক আৰক্ষীয়ে আটক কৰিছে।

ডিজিপি জিপি সিঙে আৰু কয় যে আন ১৩ জন নাবালক হোৱা হেতুকে আইনৰ নিৰ্দেশনা অনুসৰি জেৰা কৰা হৈছে। আৰক্ষীয়ে যোৱা নিশা গোচৰটোৰ সন্দৰ্ভত আৰু তিনিজনক জন লোকক আটক কৰিছে।

আনহাতে সিঙে প্ৰকাশ কৰে যে,চিআইডিয়ে গোচৰটোৰ সকলো দিশ অনুসন্ধান কৰি আছে। হোৱাটছএপ মেচেজৰ জৰিয়তে প্ৰশ্নকাকত লিক হোৱাৰ চাৰিৰ পৰা পাঁচটা স্তৰ আছে। ইতিমধ্যে আৰক্ষীৰ বিশেষ চাইবাৰ গ্ৰুপে মূল উৎসটো পাবলৈ হোৱাটছএপ কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিছে।

বিভিন্ন টেলিকম সেৱা প্ৰদানকাৰীৰ সৈতে কাৰিকৰী প্ৰমাণীকৰণো কৰা হৈছে। ১০০ ৰ পৰা ৩০০০ হেজাৰ টকা লৈকে বেছিভাগ লেনদেন চাৰিটা ৱালেট সংস্থা যেনে জিপে, পেটিএম আদিৰ জৰিয়তে কৰা হৈছে ৷ যাৰবাবে অসম আৰক্ষীয়ে মুম্বাইস্থিত সংস্থাসমূহৰ মুখ্য কাৰ্যালয়ৰ পৰা লেনদেনৰ বিৱৰণ বিচাৰিছে ।

ডিজিপি গৰাকীয়ে সাংবাদিকক আৰু কয় যে, অসম আৰক্ষীয়ে আটক আৰু গ্ৰেপ্তাৰ কৰা শিক্ষাৰ্থী আৰু ব্যক্তি কেইজনৰ পৰা বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে চি আই ডি আৰু আৰক্ষীৰ অভিযান আৰম্ভ হোৱা পাছৰে বহু কেইজন সন্দেহৰ আবৰ্তত থকা ব্যক্তি এতিয়াও পলাতক হৈ আছে। আৰক্ষীয়ে তেওঁলোকক শীৰ্ঘেই কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰে ডিজিপি সিঙে ।

উল্লেখ্য যে,বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ডিব্ৰুগড়ত উপস্থিত হৈ এক নিৰাপত্তা পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে ৷ উজনি অসমৰ কেইবাখনো জিলা আৰক্ষী অধীক্ষক স’তে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷

বিশেষকৈ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ তদন্তৰ সময়ছোৱাত আৰক্ষী আৰু তদন্তকাৰী সংস্থাৰ মাজত অধিক সমন্বয় বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা সম্পৰ্কত বিষদভাৱে আলোচনা কৰা হয় পৰ্যালোচনা বৈঠকত । আনহাতে কেতবোৰ নিৰাপত্তা বিষয় সন্দৰ্ভটো আলোচনা কৰা হয়

বৈঠকত অংশ লয় ডিব্ৰুগড়ৰ এছপি শ্বেতংক মিশ্ৰ, তিনিচুকীয়াৰ এছপি অভিজিত গৌৰৱ, শদিয়াৰএছপি পুষ্কিন জৈন, ধেমাজিৰ এছ পি ৰঞ্জন ভূঞা, লখিমপুৰৰ এছ পি বি এম ৰাজখোৱা, শিৱসাগৰৰ এছ পি শুভ্ৰজ্যোতি বৰা, চৰাইদেউৰ এছ পি যুৱৰাজ, যোৰহাটৰ এছ পি মোহন লাল মীনাৰ লগতে চিআৰপিএফ, সেনা, অসম ৰাইফলছ, ভাৰতীয় বায়ু সেনা আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ শীৰ্ষ বিষয়াসকলে।

Exit mobile version