Earthquake in New Zealand : ভয়াবহ ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড

1677058245 earthquake 1

Earthquake in New Zealand :

ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড । আজি পুৱা নিউজিলেণ্ডৰ কাৰ্মাডেক দ্বীপপুঞ্জৰ অঞ্চলত অনুভূত হয় ভূমিকম্প ।আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (ইউএছজিএছ) অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.১ আছিল।

ইউএছজিএছ-ৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল ভূগৰ্ভস্থ ১০ কিলোমিটাৰ গভীৰতাত আছে। প্ৰতিবেদনটো লিখা সময়ৰলৈকে ক্ষতিৰ পৰিমাণ জনা নাযায় ।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভূমিকম্পৰ কেন্দ্ৰস্থলৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বত চুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছিল। কিন্তু দেশৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাই পাছত জনাই যে চুনামিৰ আৰু কোনো আশংকা নাই।

Exit mobile version