Salt Brook Academy In Dibrugarh :প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত আৰক্ষীৰ জালত পৰিছে উজনিৰ কে’বাজনো শিক্ষাৰ্থী

ছল্টব্রুক একাডেমীৰ সঞ্চালক-অধ্যক্ষসহ শিক্ষক-শিক্ষয়িত্রীৰ ম’বাইল জব্দ

1d4a3cab 99dd 4414 a834 c99d8467b210 1

Salt Brook Academy In Dibrugarh :

বহু চৰ্চিত চলিতবৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্রশ্নকাকত ফাদিল ঘটনাৰে জড়িত বহু কেইগৰাকী শিক্ষাৰ্থীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ আনকি উজনিৰ এখন ঐতিহ্যমণ্ডিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ সঞ্চালক ,অধ্যক্ষ আৰু কেবাগৰাকী
শিক্ষক-শিক্ষয়িত্রীৰ ম’বাইল পৰ্যন্ত জব্দ কৰিছে তদন্তকাৰী আৰক্ষীয়ে ৷

প্রশ্নকাকত ফাদিল ঘটনাৰে জড়িত ডিব্রুগড়ত এতিয়ালৈ আটক কৰা হৈছে মুঠ ১১জনক ৷ আটাইকে ইতিপূৰ্বে চিআইডি জিন্মালৈ প্ৰেৰণ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷

আটকাধীন শিক্ষাৰ্থীৰ ভিতৰত আঠজন ডিব্রুগড়ৰ ছল্টব্রুক একাডেমীৰ ৷ শিক্ষানুষ্ঠান খনৰ পাঁচজন একাদশ শ্ৰেণীৰ আৰু তিনিজন দ্বাদশ শ্ৰেণীৰ ৷

আনহাতে ব্রহ্মপুত্র ভেলীৰ দশম শ্রেণীৰ এজন ছাত্রসহ আন দুজনক আটক কৰিছে আৰক্ষীয়ে ৷ একেদৰে আৰক্ষীৰ মাৰাথন জেৰাৰ সন্মুখীন হয় ধেমাজী জিলাৰ গোগামুখ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক এজন,মৰিধল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্রৰ পৰিদৰ্শকজন ৷

ডিব্ৰুগড় আৰক্ষীৰ বিশেষ নজৰত থকা প্ৰতিবৰ্ষত মেট্ৰিক পৰীক্ষাত স্থান লাভ কৰি অহা ছল্টব্রুক একাডেমীৰ সঞ্চালক, অধ্যক্ষ সহ শিক্ষক-শিক্ষয়িত্রীৰ ম’বাইল জব্দ কৰিছে ৷

আৰক্ষীৰ অনুমতি অবিহনে ডিব্ৰুগড়ৰ বাহিৰলৈ যোৱাটো  ছল্টব্রুক একাডেমীৰ সঞ্চালক, অধ্যক্ষ সহ শিক্ষক-শিক্ষয়িত্রীক বাৰণ কৰিছে আৰক্ষীয়ে ।

Exit mobile version