Guwahati Ajycp Protest:মহানগৰীৰ চান্দমাৰিত জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদৰ অভিনৱ প্ৰতিবাদ

শিক্ষা বিভাগৰ শ্মশান যাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত

WhatsApp Image 2023 03 17 at 14.15.18

Guwahati Ajycp Protest:

চলিতবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইখনৰ পাছত সিখনকৈ কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডক লৈ শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি মহানগৰীত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক অভিনৱ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱা শিক্ষা বিভাগৰ বিৰুদ্ধে শ্মশান যাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে যুৱ ছাত্ৰ পৰিষদৰ নেতা কৰ্মী সকলে ।

শিক্ষা বিভাগক প্ৰতিকী সাঙীত উঠাই লৈ বিভিন্ন শ্ল’গান দি নৱগ্ৰহ শ্মশানলৈ নিয়ে ৷

Exit mobile version