Gmc :মহানগৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত ডাষ্টবিন ৰখাটো বাধ্যতামূলক হ’ব : জি এম চি

dbae9862 8903 49b2 b6bd ad2075a14bf5

Gmc :

দক্ষিণ পূব এছিয়াৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰ খন পৰিস্কাৰ-পৰিছন্ন আৰু সৰ্বাংগসুন্দৰ কৰি তুলিবৰ বাবে গুৱাহাটী পৌৰ নিগমে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

সেই অনুসৰি এতিয়াৰে পৰা পৌৰ নিগমৰ অন্তৰ্গত দোকান- পোহাৰ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহক নিজ নিজ প্ৰতিষ্ঠাৰ কাষত লেতেৰা কৰিবলৈ নিদিয়ে পৌৰ নিগমে

দোকান- পোহাৰ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানে এতিয়াৰ পৰা নিজ নিজ প্ৰতিষ্ঠানৰ সন্মুখত ৰাখিব লাগিব ডাষ্টবিন ৷ এইয়া বাধ্যতামূলক কৰিছে নিগমে৷ এই নিয়ম উলংঘা কৰিলেই বিহা হ’ব জৰিমনা

উল্লেখ্যে যে,মহানগৰীৰ একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানে মহানগৰ খন কদৰ্যময় কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে ৷

কিন্ত শেহতীয়াকৈ জি এম চিৰ কঠোৰ স্থিতিয়ে গুৱাহাটী মহানগৰ খনক স্বচ্চতাৰ ক্ষেত্ৰত এখোজ আগুৱাই যাব বুলি মন্তব্য কৰে সচেতন মহলে ৷

Exit mobile version