Guwahati Kidnapped Child Recovered In Bihar : মহানগৰীৰ তেতেলীয়াৰ পৰা অপহৃত দুই শিশু উদ্ধাৰ

পলাতক তিনি অপহৰণকাৰী

7f3bf705 376c 471f b5b7 dee2486d027f

Guwahati Kidnapped Child Recovered In Bihar :

মহানগৰীৰ তেতেলীয়াৰ পৰা অপহৃত দুই শিশু অৱশেষত গুৱাহাটী আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই বিহাৰৰ বৈশালীৰ পৰা উদ্ধাৰ কৰে ৷

আজি চাঞ্চল্যকৰ অপহৰণ কাণ্ড সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ ডিচি পি পদ্মনাভ বৰুৱাৰ এক সংবাদমেল সম্বোধন কৰি সাংবাদিকক জানিব দিয়ে যে, জালুকবাৰী থানাৰ অন্তৰ্গত তেতেলীয়াৰ পৰা দুই কণমানি বিবেক কুমাৰ(৯) আৰু অজিত কুমাৰক(৪) বৃহস্পতিবাৰে নিশা অপহৰণকাৰীয়ে ৱাগেনাৰ বাহনত লৈ উধাও হৈছিল ৷

চাঞ্চল্যকৰ ঘটনাৰ পাছতে অপহৃত দুই শিশুৰ পিতৃয়ে জালুকবাৰী থানাত গোচৰ ৰজু কৰে৷ জালুকবাৰী আৰক্ষী থানাত ৩৬৪এ ধাৰাৰ অধীনত ১৬৫/২৯২৩ নম্বৰত ৰজু হোৱাগোচৰ মৰ্মে আৰক্ষীৰ এটি দলে ইতিমধ্যেই বিহাৰৰ মাহুৱাত স্থানীয় আৰক্ষীৰ সহযোগত দুই অপহৃত শিশুক নিৰাপদে উদ্ধাৰ হয় যদিও অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷

অপহৰণকাৰী বৰ্তমান পলাতক অৱস্থাত আছে।ডি চি পি গৰাকীয়ে সদৰি কৰা মতে ব্যৱসায়িক শত্ৰুতাৰ বাবে এই অপহৰণৰ হৈছিল কণমানি দুটি ৷ অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে অভিভাৱকৰ বিচাৰিছিল পাঁচ লাখ টকা ৷ এই কথা শিশু দুটিৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ সমস্ত ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সহযোগত অব্যাহত ৰাখিছে তদন্ত ৷

উল্লেখ্য যে অপহৃত শিশু দুটি বিহাৰৰ বৈশালী জিলাৰ মাহুৱা আৰক্ষী থানাৰ অন্তৰ্গত এক গোপন স্থানৰ পৰা উদ্ধাৰ কৰা হয় শুক্ৰবাৰে।

তদন্তত পোহৰলৈ আহিছে যে,ৰাহুল, সুধীৰ কুমাৰ ওৰফে চাজন আৰু ৰাহুল আন এজন সহযোগীৰ স’তে শিশু দুটিক তেতেলীয়াৰ নিজ ঘৰৰ সন্মুখৰ গাড়ীত উঠাই লৈ গৈছিল বুলি উল্লেখ কৰে ডি চি পি পদ্মনাভ বৰুৱাই ৷

মনকৰিবলগীয়া যে শিশু দুটিৰ মাতৃয়ে অপহৰণকাৰীৰ বিৰুদ্ধ বিস্ফোৰণক অভিযোগ উত্থাপন কৰি কয় যে, অপহৰণকাৰী সুধীৰ কুমাৰে শুকুৰবাৰে নিশা তেওঁলোকক ফোনযোগে দাবী কৰিছিল পাঁচ লাখ টকা ৷ টকা নিদিলে গুলীয়াই হত্যা কৰাৰ ভাবুকি দিয়ে ৷

শিশু দুটিৰ মাতৃয়ে অতি শীৰ্ঘে অপহৰণকাৰীক আটক কৰি কঠোৰ শাস্তিৰ দাবী কৰে ৷ পশ্চিম গুৱাহাটীৰ ডিচি পি পদ্মনাভ বৰুৱাই সাংবাদিকক জানিব দি যে শীৰ্ঘেই জালত পৰিব অপহৰণকাৰী ৷

Exit mobile version