Hagrama Mohilary :উন্নয়নৰ নামত নিজৰ পকেটহে গৰম কৰিছে প্ৰমোদ বড়োৱে

২০২৫ ত প্ৰমোদ বড়োক ৰাইজে বিদায় দিবঃ হাগ্ৰামা

WhatsApp Image 2023 03 18 at 20.06.20

Hagrama Mohilary :

লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী কুচকাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। পিছ পৰি ৰোৱা নাই বিপিএফ দলো।

আজি বাগ্‌সা জিলাৰ শালবাৰীত বিপিএফ দলে শালবাৰী আৰু মথনগুৰি সমষ্টিত এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত অংশগ্রহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। শালবাৰীৰ আনন্দ বজাৰৰ পৰা ভকুৱামাৰীলৈ প্ৰায় দুই কিলোমিটাৰ জোৰা পদযাত্ৰা কৰে বিপিএফ প্ৰধান গৰাকীয়ে।

শান্তি ঐক্য আৰু প্ৰগতিৰ হকে সহস্ৰাধিক সমৰ্থকক লগত লৈ পদ যাত্ৰাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে। তাৰ পিছতেই ভকুৱামাৰীত এখন জনজাগৰণ সভা অনুষ্ঠিত হয়।

সভাত বিপিএফ প্ৰধান গৰাকীয়ে ভাষণ প্ৰসংগত প্ৰমোদ বড়ো হাটাও বিটিচি বাচাও বুলি মন্তব্য কৰি ৰাইজৰ মাজত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক তীব্র সমালোচনা কৰে।

তেওঁ কয়,বিটিচিত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীলৈকে মুছলিম,বড়ো,আদিবাসী,ৰাভা,গাৰো,কোচ ৰাজবংশী,হিন্দীভাষী আদি বিভিন্ন জনগোষ্ঠীৰ যিসকল লোক আছে সেইসকলো বিটিচিৰেই মানুহ৷প্ৰমোদ বড়োৱে ক’ৰবাত ক’ৰবাত বড়ো,মুছলিম,বাঙালী,আদিবাসী,হিন্দীভাষীৰ ওপৰত উচ্ছেদ কৰিম বুলি জাননী দিছে৷বিপিএফ দলে এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিম৷বিটিচিত উচ্ছেদ কৰিলে কোনেও কোনো ঠাইত যাব নালাগে৷নিজৰ ঠাইতে থাকিব ৷

সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে কয়, “আজিলৈ কোকৰাঝাৰ,চিৰাং,ওদালগুৰি আৰু বাগ্‌সা জিলাত এই পদযাত্ৰা কাৰ্যসূচী পাঁচ দিন হ’ল।

আজি বাগ্‌সাৰ শালবাৰী আৰু মথনগুৰি পৰিষদীয় সমষ্টিত পদযাত্ৰা কৰিছোঁ। শান্তি ঐক্য আৰু প্ৰগতিৰ হকে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। ২০২৪ চনৰ লোক সভা নিৰ্বাচনত ওদালগুৰি আৰু কোকৰাঝাৰত আমি নিজাববীয়াকৈ প্ৰাৰ্থীত্ব আগবঢ়াম।

এইবাৰ আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাবলৈ সক্ষম হৈছোঁ। ২০২৪ৰ লোকসভা নিৰ্বাচনত আমি জিকাটো ফাইনেল৷আমাৰ পদযাত্ৰা কাৰ্যসূচীত নিজাববীয়াকৈ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে।” আনহাতে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “প্ৰমোদ বড়োৰ কথা মই নাজানোঁ।

প্ৰমোদ বড়োই কি কাম কৰি আছে ৰাইজে দেখি আছে। প্ৰমোদ বড়োৱে তিনি বছৰত একো কাম কৰিব পৰা নাই। কেবল নিজৰ পকেটখনহে গৰম কৰিব পাৰিছে। ২০২৪ ৰ লোকসভা নিৰ্বাচনত আমি জিকিম৷ প্ৰমোদ বড়োক বিটিআৰৰ পৰা ২০২৫ ত ৰাইজে বিদায় দিব।”

ইফালে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱা কামটো বেয়া হোৱা বুলি উল্লেখ কৰে মহিলাৰীয়ে।বিপিএফৰ শালবাৰী জিলা সমিতিৰ সভাপতি ভূৱনেশ্বৰ গয়াৰীয়ে আঁত ধৰা আৰু শালবাৰী সমষ্টিৰ এমচিএলএ জয় মুছাহাৰীয়ে আদৰণি ভাষণ দিয়া জনজাগৰণ সভাখনত বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী,বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্ম,ছালাকাটি সমষ্টিৰ এমচিএলএ দেৰহাছাৎ বসুমতাৰী,বিপিএফৰ কেন্দ্ৰীয় নেতা ক্ৰমে চুলতান আলম,কাৰ্‌নেলিয়াছ মাৰাণ্ডী,কানু দত্ত,মনোজ ৰাভা,শালবাৰীৰ জ্যেষ্ঠ বিপিএফ নেতা শৰৎ স্বৰ্গীয়াৰীকে ধৰি বহুসংখ্যক দলীয় নেতৃবৃন্দ উপস্থিত থাকে ৷

একেদৰে মথনগুৰি সমষ্টিৰ কাটাঝাৰত অনুষ্ঠিত বিপিএফৰ আন এখন জনসভাতো ভাষণ দি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে ইউপিপিএল,এবছুক বিভিন্ন ধৰণৰ চোকা সমালোচনাৰে ভাষণ দিয়ে।

উল্লেখ্য যে হাগ্ৰামা মহিলাৰীয়ে আজি বিটিআৰৰ শালবাৰী সমষ্টি আৰু মথনগুৰি সমষ্টিত বহু সংখ্যক বিপিএফৰ নেতা, কৰ্মী,সমৰ্থকক লগত লৈ দলীয় বেনাৰ প্ৰদৰ্শন, শ্লোগানেৰে পৃথকে পৃথকে পদযাত্ৰা কৰে।

Exit mobile version