SEBA : এইবাৰ আকৌ ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰো সন্দেহ

ভূগোলৰ প্ৰশ্নকাকত ফাদিলৰ তথ্যক ভুৱা আখ্যা ছেবাৰ

f2187423 e93a 45ea a11e 82a4f5de8237

SEBA :

এইবাৰ আকৌ ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱাৰো সন্দেহ । ২০ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল ভূগোলৰ পৰীক্ষা। এটাৰ পাছত আন এটা কলংক ছেবাত ৷

বিজ্ঞান, অসমীয়াৰ পাছত ভূগোলৰ প্রশ্নকাকতো ফাদিল ৷ হোৱাটছএপত বিয়পি পৰিছে মেট্রিকৰ ভূগোলৰ প্রশ্নকাকত ৷ ২০ মাৰ্চত আছিল ভূগোল বিষয়ৰ পৰীক্ষা ৷

আনহাতে ভূগোলৰ প্ৰশ্নকাকত ফাদিলৰ তথ্যক ভুৱা আখ্যা ছেবাৰ ৷ ২০২১ বৰ্ষৰ প্ৰশ্নকাকত কোনো দুষ্কৃতিকাৰীয়ে পুনৰ প্ৰচাৰ কৰিছিল সামাজিক মাধ্যমত৷

শেহতীয়া বিসংগতিৰ সুযোগ গ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ মনোবল ভাঙি দিয়াৰ লক্ষ্য কৰিছে এটা দুষ্ট চক্ৰই ৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি নিশ্চিত হৈছে এই চক্ৰটোৰ অভিকেন্দ্ৰ নগাঁও ৷ আৰক্ষীয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে ৷

উল্লেখ্য যে,ভূগোলৰ প্ৰশ্নকাকত ফাদিলৰ বাতৰি সকলো সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাছত মুখ খুলিলে ছেবাই ৷

Exit mobile version