New Born Baby Recovered In Uriamghat  : মানৱতাক ভূ-লুন্ঠিত হোৱা অমানৱীয় কাণ্ড

মুষলধাৰ বৰষুণৰ মাজতে ৰাজপথত পেলাই থৈ গ'ল দহদিনীয়া নৱজাতক !

c7e2a6ed 0612 430f 8eef 6450a67917d3

New Born Baby Recovered In Uriamghat :

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত ভু-লুন্ঠিত মানৱতা । কোনো পাষান লোকে ৰাজপথত পেলাই থৈ গ’ল নৱজাতকক। উৰিয়ামঘাটৰ লক্ষীপথাৰত সোমবাৰে পুৱা নৱজাতকৰ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷

বৰষুণত তিতি- বুৰি ৰাজপথৰ কাষত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এগৰাকী শিক্ষয়িত্ৰীয়৷ লগে লগে শিক্ষয়িত্ৰী গৰাকীয়ে উৰিয়ামঘাট আৰক্ষীক খবৰ দি আৰক্ষীৰ সহযোগত মৃতপ্ৰায় হৈ পৰা শিশুটিক ততাতৈয়াকৈ ভৰ্তি কৰে চিকিৎসালয়ত ৷ বৰ্তমান চিকিৎসাধীন হৈ আছে শিশুটি ৷

চিকিৎসকে সদৰি কৰা মতে শিশুটি বয়স দহদিন মান হ’ব ৷ । কোনে কি কাৰনত এই কাণ্ড সংঘটিত কৰিলে তাৰ বিষয়ে অনুসন্ধান ৰাখিছে আৰক্ষীৰ লগতে গাৱঁৰ লোকসকলে।

উক্ত ঘটনাক লৈ চাঞ্চল্য অব্যাহত অঞ্চলটোত। অতি কৰুন ভাৱে ৰাজপথত পেলাইছিল নৱজাতকটিক। কোনোৱে নিজৰ কুকৰ্ম ঢাকিবলৈ এনে হৃদয়বিদাৰক ঘটনা সংঘটিত কৰিব পাৰে বুলি একাংশ লোকে সন্দেহ কৰিছে ৷ শিশুটিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Exit mobile version