Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

প্রাঞ্জলসেন ডেকা

download 9

Opinion :

মুখ্যমন্ত্ৰীয়ে গুৰুত্বসহকাৰে কৈছে যে শিক্ষকসকল যদি কলংকিত হৈ পৰে তেন্তে সমাজক ৰাস্তা দেখুৱাব কোনে? হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কমেও দুটাকৈ বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা আৰু তাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষা বাতিল কৰিবলগীয়া হোৱাৰ প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰিছে; কিয়নো আৰক্ষীয়ে অপৰাধ অনুসন্ধান বিভাগৰ তদন্তত উদ্ধাৰ হোৱা তথ্য সদৰী কৰি কৈছে যে প্রশ্নকাকত ফাদিলৰ এই ঘটনাত পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত শিক্ষক জড়িত।

এই দুর্ভাগ্যজনক ঘটনাৰ মূল অভিযুক্তৰূপে তিনিজন শিক্ষকক গ্ৰেপ্তাৰ কৰি চিআইডিয়ে অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে। ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দায়িত্বপ্রাপ্ত মাধ্যমিক শিক্ষা পৰিষদ, অসম (ছেবা)ৰ কাৰ্যকলাপ তথা ভূমিকাক লৈ দীর্ঘদিন ধৰি বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে।

বিগত কিছু বছৰ ধৰি পৰীক্ষাৰ আয়োজন তথা অন্যান্য ক্ষেত্ৰত বিশৃংখলাৰ সৃষ্টি হোৱাটো স্বাভাৱিক ঘটনাৰ দৰেই হৈ পৰিছে; কিন্তু এইবাৰ অভূতপূর্বভাৱে প্ৰথমে বিজ্ঞান আৰু পাছত অসমীয়াৰ প্ৰশ্নকাকত ফাদিলৰ ফলস্বৰূপে এই দুটা বিষয়ৰ পৰীক্ষা বাতিল কৰি নতুন দিন ধার্য কৰিবলগীয়া হয়।

এই ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে ইতিমধ্যে ৩০ জনতকৈও অধিক শিক্ষক-ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সঞ্চালকপ্ৰধানে প্ৰকাশ কৰা অনুসৰি, লখিমপুৰ জিলাৰ লোহিত খাবলু বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰাই প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হৈছিল। তাৰ পৰাই অন্যান্য স্থানলৈ এই প্রশ্নকাকত বিয়পি পৰিছিল।

অভিযোগ উত্থাপিত হৈছে যে টকাৰ লোভতে এনেদৰে পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰিছিল অভিযুক্ত শিক্ষককেইজনে। এই জঘন্য ঘটনাত জড়িত শিক্ষকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপিত হৈছে। কিন্তু এইখিনিতে প্রশ্ন উত্থাপিত হৈছে যে এই সমগ্ৰ ঘটনাত কোনো এটা পক্ষই এক উচিত পদক্ষেপ গ্রহণেৰে ভৱিষ্যতৰ বাবে দৃষ্টান্ত দাঙি ধৰিব পাৰিলে নে?

কেৱল প্ৰশ্নকাকত ফাদিলেই নহয়, তাৰ পৰৱৰ্তী ঘটনাক্রমেও এক অন্ধকাৰ ভৱিষ্যতৰে আগজাননী দিলে। চাৰি লক্ষাধিক ছাত্র-ছাত্রী অৱতীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা সুশৃংখলাবদ্ধভাৱে
সুকলমে সম্পন্ন কৰাৰ এই প্ৰক্ৰিয়াত বিভিন্ন পক্ষৰ অংশগ্ৰহণ আৰু সহযোগিতা অপৰিহাৰ্য।

শিক্ষা বিভাগৰ অধীনস্থ ছেবাই এই সমগ্ৰ পৰীক্ষাৰ ব্যৱস্থাটো পৰিচালনা কৰি আহিছে। সমগ্ৰ বছৰজুৰি ছেবা মূলতঃ এই কামতে ব্যস্ত থাকে। গতিকে বছৰত এটা পৰীক্ষাকে সুকলমে অনুষ্ঠিত কৰিবলৈ সক্ষম নোহোৱাটো ইয়াৰ চৰম ব্যর্থতা আৰু অপৰাধমূলক অৱহেলা নহয় যদি কি?

বিভিন্ন সময়ত ছেবাৰ বিৰুদ্ধে উত্থাপন হৈ অহা অভিযোগসমূহৰ পৰিপ্ৰেক্ষিততে ইয়াৰ সংস্কাৰৰ পোষকতা কৰা হৈছে। আনকি এই ক্ষেত্ৰত পৰামৰ্শ প্ৰদানৰ বাবে একাধিক সমিতিও গঠন কৰি দিয়া হৈছে; কিন্তু তেনে কোনো সমিতিৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰা হোৱা নাই; বৰঞ্চ ছেবাক অধিক বিশৃংখলাৰ দিশে ঠেলি দিয়া বুলিহে বিভিন্ন মহলে মন্তব্য কৰি আহিছে।

অৱশ্যে দীর্ঘকাল ৰাজ্যৰ শিক্ষা বিভাগক নেতৃত্ব প্ৰদান কৰি অহা মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে ছেবাৰ সংস্কাৰৰ প্রয়োজন নাই, শিক্ষকসকলৰহে সংস্কাৰৰ প্ৰয়োজন। সেয়ে হয়তো সমিতি গঠন কৰিলেও ছেবাৰ সংস্কাৰৰ পদক্ষেপ গ্রহণ কৰা হোৱা নাই। শেহতীয়া ঘটনাৱলীৰ পাছত ছেবাৰ অধ্যক্ষ তথা অন্যান্য দায়িত্বশীল বিষয়াসকলৰ ভূমিকাক লৈও সমালোচনাৰ জোৱাৰ উঠিছে।

বছৰত এটা পৰীক্ষাকে সুশৃংখলিতভাৱে অনুষ্ঠিত কৰিবলৈ সক্ষম নোহোৱা ছেবাৰ মুৰব্বীসকলৰ এই ক্ষেত্ৰত কোনো দায়বদ্ধতা নিৰ্ধাৰণ কৰা নহ’ব নেকি? অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া এজনক বিধিবহির্ভূতভাৱে ছেবাৰ অধ্যক্ষ পদত দীৰ্ঘকাল ধৰি নিয়োজিত কৰি ৰখা হৈছে বুলি বিধানসভাৰ বাহিৰে-ভিতৰে তীব্ৰ ভাষাৰে সমালোচনা কৰা হৈছে যদিও চৰকাৰৰ মুৰব্বীসকলে তালৈ কাণসাৰ কৰা নাই; বৰঞ্চ ছেবাৰ অধ্যক্ষৰ অপসাৰণ অথবা পদত্যাগৰ প্ৰয়োজন কি বুলিহে ওলোটাই প্রশ্ন কৰা হৈছে।

ইয়াৰ জৰিয়তে এই বাৰ্তাই প্ৰেৰণ কৰা হৈছে যে সংশ্লিষ্ট পদবীধাৰীৰ কাৰ্য যিমানেই গুৰুতৰ আৰু নিকৃষ্ট পৰ্যায়ৰ নহওক কিয়, চৰকাৰৰ শীৰ্ষ মহলৰ আশীৰ্বাদ থাকিলে কোনো ধৰণৰ নীতি-নিয়ম আৰু দায়বদ্ধতা নাথাকে। এনে ধৰণৰ এক অভূতপূর্ব কাণ্ডৰ পাছত ছেবাৰ অধ্যক্ষই নৈতিক দায়িত্ব স্বীকাৰ কৰি হ’লেও পদত্যাগ কৰি এক দৃষ্টান্ত দাঙি ধৰিব পাৰিলেহেঁতেন; অন্যথা চৰকাৰে তেওঁক অপসাৰণ কৰি এক সুস্থ বাৰ্তা প্ৰেৰণ কৰাৰ সুযোগ আছিল; কিন্তু দুর্ভাগ্যজনকভাৱে এতিয়ালৈকে তেনেকুৱা একোৱেই নহ’ল।

শিক্ষামন্ত্ৰীৰ ক্ষেত্ৰতো কোনো ব্যতিক্ৰম নহ’ল। শিক্ষামন্ত্ৰীয়ে পূৰ্বৰে পৰাই এই সমগ্ৰ ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰাৰ পৰিৱৰ্তে ঠাট্টা-মস্কৰাৰ পৰ্যায়তে আবদ্ধ ৰখাৰ অপচেষ্টাত লিপ্ত হৈছিল। পাছত যেনিবা এখনৰ পাছত এখন প্রশ্নকাকত ফাদিলৰ কথা স্বয়ং মুখ্যমন্ত্ৰীয়েই সদৰী কৰাত শিক্ষামন্ত্ৰীৰো হাঁহি মুখতে লুকাল।

এনে এক অক্ষমণীয় ব্যর্থতাৰ বাবে বিধানসভাৰ লগতে ৰাজ্যজুৰি পদত্যাগৰ দাবী উত্থাপিত হৈ আহিছে যদিও সততে নীতিবাগিশৰ ভাও দি অহা শিক্ষামন্ত্ৰীৰ সেইকণ সৎ সাহস যে নাই সেয়া ৰাজ্যবাসীয়ে ঠিকেই বুজি পাইছে। সুদীৰ্ঘ কাল ছাত্ৰ ৰাজনীতিৰে জড়িত হৈ অৱশেষত সম্পূৰ্ণ ওলোটা খৰ মাৰি মন্ত্রিত্ব লাভ কৰাৰ পাছত যিকোনো মূল্যৰ বিনিময়ত তাক এৰিবলৈ যে শিক্ষামন্ত্ৰীৰ দৰে নেতা এজন ইচ্ছুক নহয়, সেয়া আজিৰ ৰাজনীতিত তেনেই স্বাভাৱিক।

প্রশ্নকাকত ফাদিলৰ সমস্ত দায়িত্ব যদি আনৰ ওপৰতে জাপি দিয়া হয়, তেন্তে মুৰব্বীসকলৰ কোনো দায়িত্ব নাথাকে নেকি? তেন্তে বিভাগীয় মন্ত্ৰীৰেই বা প্রয়োজন কি? মুখ্যমন্ত্ৰীৰ সম্মুখতো এক সুযোগ আছিল যদিও তাক গ্ৰহণ কৰা নহ’ল, বৰঞ্চ বিষয়টোক গেলিবলৈহে এৰি দিয়া হ’ল।

গতিকে সততে আনক দৃষ্টান্ত স্থাপনৰ পৰামৰ্শ তথা সকীয়নি প্ৰদান কৰি অহা ৰাজ্য চৰকাৰখনেই বা এই ক্ষেত্ৰত কি দৃষ্টান্ত দাঙি ধৰিলে? লক্ষ্যণীয় যে অসম বিধানসভাৰ বাজেট অধিবেশন চলাৰ সময়তে এনেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হ’ল।

সচেতন ৰাইজে আশা কৰিছিল যে এই বিষয়টো বিৰোধীয়ে সবলভাৱে উত্থাপন কৰিব আৰু এই ঘটনাত জড়িতসকলৰ দায়বদ্ধতা নিশ্চিত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক বাধ্য কৰাব। লগতে ভৱিষ্যতে
যাতে কোনো এটা গুৰুত্বপূৰ্ণ পৰীক্ষাতে এনে ধৰণৰ বিশৃংখলাৰ সৃষ্টি হ’ব নোৱাৰে, তাৰ নিশ্চিতি আদায় কৰিব; কিন্তু বিধানসভাত এনে এক গুৰুত্বপূৰ্ণ বিষয়ত বিৰোধীৰ দুৰ্বল ভূমিকাই সকলোকে হতাশ কৰিলে।

এই ক্ষেত্ৰত কোনো প্ৰতিশ্ৰুতি আদায় দূৰৰে কথা, বৰঞ্চ পৰৱৰ্তী সময়ত আৰু এখন প্রশ্নকাকত ফাদিলৰ ঘটনাহে পোহৰলৈ আহিল। এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ দ্বাৰা প্ৰয়োজনীয় গুৰুত্ব লাভ নকৰা অথবা চৰকাৰে ব্যৰ্থতা প্ৰদৰ্শন কৰা বিষয়সমূহ দাঙি ধৰিবলৈ অসমবাসীয়ে কাৰ মুখলৈ চাব?

ৰাইজৰ জ্বলন্ত সমস্যাসমূহকে দাঙি ধৰিব নোৱৰা বিৰোধীৰ প্ৰয়োজনেই বা কি? তাতকৈ বিৰোধী বিধায়কসকলেও সমূহীয়াভাৱে শাসক পক্ষতে যোগদান কৰা উচিত। তেতিয়া দল সলনি আইনৰ আওতাত নপৰিব আৰু ৰাইজৰো তেওঁলোকৰ পৰা প্ৰাপ্তিৰ কোনো আশা নাথাকিব।

পৰিতাপৰ বিষয় যে এনে এক সুযোগ লাভ কৰিও নিজৰ দায়বদ্ধতা প্ৰদৰ্শনৰে দৃষ্টান্ত স্থাপন কৰিব নোৱাৰিলে এইসকল বিৰোধী নেতাই। কিন্তু চৰকাৰ, ছেবা আৰু একাংশ শিক্ষকৰ স্বাৰ্থজড়িত অৱহেলা তথা দুষ্কাৰ্যৰ দুৰ্ভাগ্যজনক বলি হ’বলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল। জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাতে এইদৰে বিশৃংখলাৰ সন্মুখীন হৈ তেওঁলোক চৰম হতাশাগ্রস্ততাত ভুগিবলগীয়া হৈছে।

ইয়াৰ ফলত সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতিয়ে এই ছাত্ৰ-ছাত্ৰীসকলৰ বিশ্বাস ভংগ নহ’বনে? এই পৰীক্ষাৰ মূল লক্ষ্য যিসকল, সেই ছাত্র-ছাত্ৰীসকলেই এইদৰে বিড়ম্বনাৰ সন্মুখীন হোৱাৰ পাছতো ইয়াক নিৰাময়ৰ বাবে কোনো এটা পর্যায়তে আন্তৰিক প্ৰচেষ্টা পৰিলক্ষিত নোহোৱাটোহে সবাতোকৈ বিষাদপূর্ণ। দৰাচলতে এই সমগ্ৰ কাণ্ডটো ‘খাই কাৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল’ৰ দৰেহে হৈছে।

বছৰৰ পাছত বছৰ এই একেটা পৰীক্ষা আয়োজন কৰি অহা চৰকাৰৰ শিক্ষা বিভাগ অথবা ছেবাই আজি পর্যন্ত এনে এটা ব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম নহ’ল, যিয়ে প্রশ্নকাকত ফাদিল অথবা পৰীক্ষা বাতিল অথবা এনে ধৰণৰ আন বিশৃংখলা সৃষ্টিৰ পৰা বিৰত ৰাখিব পাৰে। তাৰেই সুযোগ লৈ প্ৰশ্নকাতত চুৰি কৰি এইবাৰ যেনিবা কেইজনমান শিক্ষক ধৰা পৰিল।

কিন্তু ধৰা নপৰাকৈ এনে ঘটনা কিমান সংঘটিত হৈছে কোনে জানে ! এই ক্ষেত্ৰত দায়বদ্ধতা কাৰ সেই কথা চৰকাৰে কিয় সাহসেৰে নিৰ্ধাৰণ কৰিব পৰা নাই? কাক সুৰক্ষা দিবলৈ অপচেষ্টা চলোৱা হৈছে? যদিহে ছেবাৰ সংস্কাৰৰ প্ৰয়োজন নাই আৰু চলিত ব্যৱস্থাৰেই আগলৈও পৰীক্ষাৰ আয়োজন কৰা হয়, তেন্তে ভৱিষ্যতেও এনে ধৰণৰ ঘটনা সংঘটিত হোৱাটো তেনেই
স্বাভাৱিক।

শিক্ষকৰ দ্বাৰা এনে কলংকিত ঘটনা সংঘটিত হোৱাটো সমাজৰ সন্মুখত ডাঙৰ প্ৰশ্নৰূপে চিহ্নিত হোৱাটো যে উচিত তাত দ্বিমত নাই; কিন্তু এই কথাও এৰাই চলিব নোৱাৰি যে সম্প্ৰতি ক্ষমতাত অধিষ্ঠিতসকলেই সমাজকো নেতৃত্ব প্ৰদান কৰিছে অথবা তেনে দাবী কৰি আহিছে।

সেইসকলো আমাৰ সমাজৰেই অংগ আৰু সেয়েহে এনে ধৰণৰ জটিল সময়ত ভৱিষ্যতলৈ এক ইতিবাচক দৃষ্টান্ত স্থাপন কৰাৰ দায়িত্ব তেওঁলোকৰ নাই নেকি? যিমানে যুক্তি-তর্ক কৰা নহওক কিয়, এই কথা পাহৰি যোৱাটো সমীচীন নহয় যে মাছ মূৰৰ পৰাই গেলে!

Exit mobile version