Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

75de6935 1c5a 4715 95e4 6f904bd4ab14

Rani Mukerji In Kamakhya Temple :

ধৰালৈ অহা দিনটোতে মা কামাখ্যাৰ আৰ্শীবাদ ল’বলৈ গুৱাহাটিত উপস্থিত হয় বলীউদৰ মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জী।

সম্পূৰ্ণ ব্যক্তিগত দিনজোৰা ভ্ৰমণ সূচীৰে এখন বিশেষ বিমানেৰে দুপৰীয়া ভাগত গুৱাহাটী বিমানকোঠত উপস্থিত হোৱাৰ লগে লগে মোহময়ী অভিনেত্ৰী গৰাকীক গুণগ্ৰাহী আৰু অনুৰাগীয়ে আদৰণি জনাই ৷

এয়াৰপৰ্টৰ পৰা পোনে পোনে অভিনেত্ৰী গৰাকী স্থলপথৰে নিৰাপত্তাৰ মাজেৰে ৰাওনা হয় নীলাচল পাহাৰলৈ ৷
অভিনেত্ৰী গৰাকীৰে স’তে কামাখ্যা মন্দিৰলৈ আহে পৰিয়ালৰ ১৩ জনকৈ সদস্য ৷

কাম্যাখ্যা মন্দিৰত উপস্থিত হোৱাৰ পাছতে কামাখ্যা দেৱালয়ৰ তৰখৰ পৰা জনোৱা আদৰণি ৷ ইয়াৰ পাছতে পৰিয়াল সহ মোহময়ী অভিনেত্ৰী গৰাকীয়ে মাৰ শ্ৰী চৰণত পূজা অৰ্চনা কৰি কিছু সময় কটাই মন্দিৰ চৌহদত৷

উল্লেখ্য যে ,ৰাণী মুখাৰ্জী কাম্যাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি ৰাওনা হয় পঞ্চতাৰকা হোটেল ৰেডিচনলৈ ৷ হোটেল পৰিয়াল সহ কিছু সময় জিৰণি লৈ আবেলি ৫-৩০ বজাত মুম্বাইলৈ বিশেষ বিমানেৰে উৰা মাৰিব ৷

Exit mobile version