Achurjya Borpatra :
সকলো জল্পনা কল্পনা অন্ত পৰিল । অৱশেষত ৰাজনৈতিক দলত যোগদান কৰাৰ বিষয়ক লৈ মুখ খুলিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই।
তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে লিখিলে , “মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন । মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক । ” ইয়াৰ উপৰিও তেওঁ ভুল কথা প্ৰচাৰ নকৰিবলৈও ৰাইজক অনুৰোধ জনাই ।