Amazon Starts 2nd Round Of Layoff : পুনৰ ছাটাই অভিযান এমেজনত, ন হেজাৰ কর্মীক দিব অব্যাহতি

amazon remote work ecommerce retail closings restructuring employees real estate

Amazon Starts 2nd Round Of Layoff :

তথ্য প্ৰযুক্তি খণ্ডত অব্যাহত আছে কর্মী ছাটাই অভিযান। আকৌ এবাৰ কৰ্মচাৰীক অব্যাহতি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিলে ই-বিপণী সংস্থা এমেজনে।

প্রতিষ্ঠানটোৱে ঘোষণা কৰা অনুসৰি আগন্তুক কেইসপ্তাহমানৰ ভিতৰত ন হেজাৰতকৈ অধিক কৰ্মচাৰীক অব্যাহতি দিব।

এমেজনৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেচিয়ে এই কথা ঘোষণা কৰি জনোৱা অনুসৰি বিশ্বজুৰি প্ৰায় ন হেজাৰজন কৰ্মচাৰীক অব্যাহতি দিব।

যোৱা জানুৱাৰীত এমেজনে ১৮ হেজাৰ কৰ্মচাৰীক ছাটাই কৰিছিল। চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে এমেজনে কৰ্মচাৰীক ছাটাই কৰাৰ সিদ্ধান্ত ল’লে।

Exit mobile version