Handmade Pistol Seized In Orang :ওৰাঙৰ দেৱপুখুৰীত উদ্ধাৰ হস্ত নিৰ্মিত বন্দুক

bbc03920 d71c 47f0 aee1 c14633f6077f

Handmade Pistol Seized In Orang :

ওৰাঙৰ দেৱপুখুৰী অঞ্চলত উদ্ধাৰ হস্ত নিৰ্মিত অস্ত্ৰ। গোপন সূত্ৰৰ পমখেদি ওৰাং আৰক্ষীয়ে অভিযান চলাই বুধবাৰে পুৱাই উদ্ধাৰ কৰে তিনিটাকৈ হস্ত নিৰ্মিত বন্দুক।

প্ৰাপ্ত খবৰ অনুসৰি দেৱপুখুৰীৰ জাকিৰ হুছেইন নামৰ এজন লোকৰ বাৰীৰ গাঁতত পুতি থোৱা অৱস্থাত সৰ্বশিক্ষা অভিযান মিচনৰ এটা বেগৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় অস্ত্ৰ কেইটা।

আৰক্ষীয়ে সন্দেহ কৰা মতে উদ্ধাৰ হোৱা বন্দুক কেইটা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গড় চিকাৰ কৰিবৰ বাবেই এনেদৰে কোনো চোৰাং চিকাৰীয়ে গাতত পুতি ৰাখিছিল অস্ত্ৰ কেইটা ৷

এই সন্দৰ্ভত কোনোলোককে আটক কৰা হোৱা নাই যদিও তদন্ত আৰম্ভ কৰিছে ওৰাং আৰক্ষীয়ে ৷

Exit mobile version