Lat Mandal Arrested In Biswanath : উৎকোচ লৈ পুনৰ আটক লাট মণ্ডল

00afc7e7 c3ff 4a79 a63a 2c23f67a210f

Lat Mandal Arrested In Biswanath :

ঘোচ লৈ ইজনৰ পাছত সিজনকৈ চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পাছতো উৎকোচ ল’বলৈ এৰা নাই একাংশ লোভীয়া কৰ্মচাৰীয়ে ৷ এইবাৰ পুনৰ এজন ঘোচখোৰ লাট মণ্ডলক উৎকোচ লওতেই হাতেলোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই৷

ADVERTISEMENT

বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অৰ্তকিতে অভিযান চলাই লগন বাছোৱাৰ নামৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ কৰে। ধৃত লগন বাচোৱাৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ লাট মণ্ডল আছিল ৷

প্ৰাপ্ত খবৰ অনুসৰি বাঘমৰা মৌজাৰ অন্তৰ্গত লাওদলনীৰ ফুল মহম্মদ নামৰ এজন লোক এজনৰ মাটি নামজাৰী কৰি দিয়াৰ বিনিময়ত লাট মণ্ডল লগন বাচোৱাৰে তেওঁৰ পৰা দাবী কৰে সাত হেজাৰ টকা ।

উল্লেখ্য যে,ইয়াৰ পূৰ্বে মণ্ডলজনে নামজাৰি আবেদন অনলাইন যোগে কৰি দিয়াৰ বিনিময়ত লৈছিল পাঁচশ টকা ৷

আজি পুনৰ তিনি হেজাৰ টকা ফুল মহম্মদৰ পৰা লাট মণ্ডল লগন বাচোৱাৰে লওঁতেই পূবৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে আটক কৰাৰ লগতে নথিপত্ৰ সমূহ পৰীক্ষা কৰিছে ৷আজি বিয়লী আটকাধীন লগন বাচোৱাৰক অধিক জেৰাৰ বাবে দুৰ্নীতি নিবাৰক শাখাই বিশ্বনাথৰ পৰা গুৱাহাটী অভিমুখে লৈ যোৱাৰ কথা ৷

Exit mobile version