LGBTQ : সমকামীসকলক ১০ বছৰ কাৰাদণ্ড , সংগম কৰিলে মৃত্যুদণ্ড! বিল পাছ কৰিলে এইখন দেশে !

071521 lgbtq students ap bs

People wave pride flags and hold signs during a rally in support of LGBTQ students at Ridgeline High School, Wednesday, April 14, 2021, in Millville, Utah. Students and school district officials in Utah are outraged after a high school student ripped down a pride flag to the cheers of other students during diversity week. A rally was held the following day in response to show support for the LGBTQ community. (Eli Lucero/The Herald Journal via AP)

LGBTQ :

সমকামী বিবাহৰ বৈধতাক লৈ দেশত এক হুলস্থুলীয়া পৰিৱেশৰ দৃষ্টি হৈ আছে । তেওঁলোকৰ বিবাহৰ দাবী মান্যতা দিয়া হ’ব নে নাই তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

উগাণ্ডাৰ আইনসভাই মঙলবাৰে এখন বিধেয়ক গৃহীত কৰি কয় যে ট্ৰেন্সজেণ্ডাৰ বুলি চিনাক্ত কৰা যিকোনো ব্যক্তিয়ে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব।

ইতিমধ্যে, সেই দেশৰ ট্ৰেন্সজেণ্ডাৰ লোকসকলে সকলো ঠাইতে আইনী বৈষম্য আৰু হিংসাৰ সন্মুখীন হৈছে।

তাৰ মাজতে, এই নতুন আইন খন গৃহীত হোৱাৰ পাছত, তেওঁলোকৰ জীৱন অধিক দুৰ্বিষহ হৈ উঠাৰ সম্ভাৱনা আছে।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, উগাণ্ডাৰ আইনসভাৰ দ্বাৰা গৃহীত বিতৰ্কিত বিধেয়কখনত কোৱা হৈছে যে ট্ৰেন্সজেণ্ডাৰ বা এলজিবিটিকিউ হোৱাটো এক অপৰাধ।

যদি এনে এজন ব্যক্তিক চিনাক্ত কৰা হয়, তেন্তে তেওঁ ১০ বছৰৰ বাবে কাৰাগাৰলৈ যাব লাগিব পাৰে। সমকামী যৌন সম্পৰ্কৰ প্ৰমাণ পালে মৃত্যুদণ্ড হ’ব পাৰে।

সমকামিতা বা ৰূপান্তৰ যৌনতাৰ প্ৰচাৰো এই দেশত নিষিদ্ধ কৰা হৈছে। উগাণ্ডাকে ধৰি আফ্ৰিকাৰ ৩০ খনতকৈও অধিক দেশত ইতিমধ্যে সমকামিতা নিষিদ্ধ কৰা হৈছে।

এই বিল গৃহীত হোৱাৰ পাছত উগাণ্ডাৰ বিধান সভাৰ সদস্য ডেভিড বাহাটিয়ে কয়,” যি হৈছে তাত আমাৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰ সন্তুষ্ট। মই আমাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ বিধেয়কখন সমৰ্থন কৰো। ”

ডেভিডৰ দৰে সেই দেশৰ বহুতে এই নতুন আইনৰ সমৰ্থনত মাত মাতিছে। তেওঁলোকৰ মতে, ৰূপান্তৰকৰণে ৰক্ষণশীল আৰু ধৰ্মীয় আফ্ৰিকাৰ পৰম্পৰা আৰু মূল্যবোধক আঘাত কৰে। আৰু সেইকাৰণে ট্ৰেন্সজেণ্ডাৰ লোকসকলক শাস্তি দিয়াৰ প্ৰয়োজন।

অৱশ্যে, এই বিধেয়কৰ বিৰোধিতা কৰিও বহুলোকে মাত মাতি থকা দেখা গৈছে। বিধেয়কখন শীঘ্ৰেই উগাণ্ডাৰ ৰাষ্ট্ৰপতি ইৱেৰী মুচেভেনিলৈ আইনলৈ ৰূপান্তৰৰ বাবে প্ৰেৰণ কৰা হ’ব। মুচেভেনীয়ে এই বিষয়ত কোনো মন্তব্য কৰা নাছিল, কিন্তু তেওঁ দীৰ্ঘদিন ধৰি ট্ৰেন্সজেণ্ডাৰ লোকসকলৰ অধিকাৰৰ বিৰোধিতা কৰি আহিছে।

Exit mobile version