Ramadan Roza:২৪ মাৰ্চৰ পৰা ৰমজানৰ ৰোজা আৰম্ভ

কেন্দ্ৰীয় হিলাল কমিটী,অসমৰ ঘোষণা

Ramadan Roza:

কেন্দ্ৰীয় হিলাল কমিটী অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্রধান আলহাজ ইমদাদ হুছেইনে জনাই যে আজি সন্ধিয়া অসম, উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ অন্যান্য অংশতো ৰমজান মাহৰ জোন দেখা পোৱা নগ’ল । সেয়েহে অহা ইং ২৪ মার্চ শুক্ৰবাৰৰ পৰা প্ৰথম ৰমজানৰ ৰোজা আৰম্ভ হ’ব ৷

কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে নিশা প্ৰথম তাৰাবিহ নামাজ পঢ়িবলৈ কেন্দ্ৰীয় হিলাল কমিটিয়ে আহ্বান জনাই ৷ লগতে হিলাল কমিটিয়ে সমূহ অসমবাসী ৰাইজলৈ ৰমজানৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

Exit mobile version