Youth Uses A Unique Mode Of Payment:কান্ধত খুচুৰা পইচাৰ বস্তা লৈ ডিলাৰলৈ আহিল ছাইদুল

এটকা-দুটকাকৈ ৯০ হাজাৰ জমা ধনৰে কিনিলে সপোনৰ বাইকখন

WhatsApp Image 2023 03 22 at 19.53.02

Youth Uses A Unique Mode Of Payment:

একবস্তা খুচুৰা মুদ্ৰা লৈ পিঠিত লৈ স্কুটি ডিলাৰত উপস্থিত মহানগৰীৰ এজন তামোল-পানৰ দোকানী ৷ সঞ্চয় কৰা খুচুৰা মুদ্ৰাৰে এখন বাইক ক্ৰয় কৰি সপোন পূৰ কৰিলে ছাইদুল হক নামৰ যুৱকজনে ৷

এটকা,দুটকা,পাঁচটকা আৰু দহ টকাৰ মুদ্ৰা বিগত ছয় বছৰ দিন ধৰি জমা কৰি অৱশেষত ৯০ হাজাৰ টকা জমা হোৱাত আজি দুপৰীয়া ভাগতে ডিলাৰত উপস্থিত হৈ কিনিলে এখন স্কুটি ৷

দৰং জিলাৰ ছিপাঝাৰৰ ছাইদুলে কৰ্মস্থাপনৰ তাগিদাত ছবছৰৰ পূৰ্বে মহানগৰীৰ বৰাগাঁওত সৰু পাণ-তামোলৰ দোকান দি জীৱন অতিবাহিত কৰিছিল ৷ তেতিয়াই তেওঁ স্থিৰ কৰিছিল খুচুৰা মুদ্ৰা জমা কৰি এদিন এখন বাইক কিনাৰ ৷

অৱশেষত ছাইদুলৰ মনৰ আশা পূৰ্ণ হ’ল আজি ৷ নিজৰ কষ্টোপাৰ্জিত জমা ধনৰে ক্ৰয় কৰিবলৈ সক্ষম হ’ল সপোনৰ বাইক খন।

Exit mobile version