Clean Drinking Water : এটুপি খোৱাপানীৰ বাবে হাহাকাৰ বিশ্বৰ ২৬ শতাংশ জনসংখ্যাৰ

D200 0913 105

Cheru, 6, fills her cup with clean drinking water at the water kiosk near her home. She and her whole community benefits from a 16 km gravity-fed World Vision pipeline that brings clean water to 6 kiosks in her village. Along with other children, she used to walk 6 km daily to carry water to school and home. Now the pipeline brings water to both places. West Pokot, KenyaSee Cheru’s story, here: https://www.worldvision.org/clean-water-news-stories/compare-walk-for-water-cheru-kamama Kesot community, Sook ADP, West Pokot, Kenya

Clean Drinking Water :

ৰাষ্ট্ৰসংঘই সদ্যপ্রকাশিত এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, সাম্প্ৰতিক বিশ্বৰ ২৬ শতাংশ জনসংখ্যাই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে।

বিশ্বৰ বিভিন্ন অঞ্চলত বসবাস কৰা ২৬ শতাংশ নাগৰিকে বিশুদ্ধ খোৱাপানীৰ যোগান লাভ নকৰাৰ বিপৰীতে আজিও ৪৬ শতাংশ বিশ্ববাসীয়ে প্রাথমিক স্বচ্ছতাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে।

ৰাষ্ট্ৰসংঘৰ বিশ্ব জল উন্নয়ন প্রতিবেদন ২০২৩ত উল্লেখ কৰা মতে, ২০৩০ বৰ্ষলৈকে বিশুদ্ধ খোৱাপানী আৰু স্বচ্ছতাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ হ’লে সকলোৱে সতর্কতা অৱলম্বন কৰা জৰুৰী।

প্রতিবেদনত লগতে কোৱা হৈছে যে বিশুদ্ধ খোৱাপানীৰ যোগানৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ হ’লে বছৰি আনুমানিক কমেও ৬০০ বিলিয়ন ডলাৰৰ পৰা এহেজাৰ কোটি ডলাৰৰ ধন ব্যয়ৰ প্ৰয়োজন হ’ব।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি,যোৱা ৪০ বছৰত বিশ্বস্তৰত পানীৰ ব্যৱহাৰ প্ৰতি বছৰে প্ৰায় এক শতাংশ হাৰত বৃদ্ধি পাইছে। জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ২০৫০ বৰ্ষলৈ পানীৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধিৰ সম্ভাৱনা আছে। বিশেষকৈ চহৰ অঞ্চলত পানীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।

Exit mobile version