Cm Visit Guwahati Aiims:ৰঙালী বিহুৰ দিনাই মুকলি হ’ব গুৱাহাটী এইমছ

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব এইমছ ,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই কথা

WhatsApp Image 2023 03 23 at 16.30.42

Cm Visit Guwahati Aiims:

দক্ষিণ পূৱ এছিয়াৰ দুৱাৰ মুখ গুৱাহাটীত উত্তৰ -পূৰ্বাঞ্চলৰ একমাত্ৰ এইমছ খন ৰঙালী বিহুৰ দিনাই মুকলি হ’ব ৷

এই কথা বৃহস্পতিবাৰে সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে উত্তৰ গুৱাহাটীৰ চাংসাৰিস্থ অত্যাধুনিক বিশ্বমানৰ চিকিৎসালয় খনৰ নিৰ্মাণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে ৷

অহা ১৫- ২০ দিনৰ ভিতৰত বাকী থকা দহ শতাংশ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি সাংবাদিকক জানিব দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

১৪ এপ্ৰিলৰ ৰঙালী বিহুৰ দিনটোতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গুৱাহাটী এইমছ

আজি দুপৰীয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰীৰ স’তে চাংসাৰিস্থ এইমছ চৌহদত উপস্থিত হৈ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় ৷

উল্লেখ্য যে,৭৫০ বিচনাযুক্ত গুৱাহাটী এইমছৰ ইতিমধ্যে ১৫০ খন বিচনা কাৰ্যক্ষম হৈ উঠাৰ লগতে ১৮ বিভাগৰ কাম সম্পূৰ্ণ হৈ উঠিছে ৷

ইতিমধ্যে অ পি ডি সেৱাও আৰম্ভ হৈছে ৷ একেদৰে চিকিৎসালয় খনত তিনিটা শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম আৰম্ভ হৈছে ৷

স্মতৰ্ৱ্য যে, ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহি বহু প্ৰতিক্ষিত গুৱাহাটী এইমছ মুকলি কৰাৰ লগতে অসম চৰকাৰৰ উদ্যোগত সৰুসজাই ষ্টেডিয়ামত একেলগে এঘাৰ হেজাৰ নাচনীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্তৰ বাবে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ ল’ব ৷

Exit mobile version