Sarbananda Sonowal Inaugurates ‘Sagar Manthan’:কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ কাম- কাজ, বিভিন্ন প্ৰকল্পৰ নিৰীক্ষণ ডেম্বব’ৰ্ড ‘সাগৰ মন্থন’ৰ শুভ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

WhatsApp Image 2023 03 23 at 20.10.16

Sarbananda Sonowal Inaugurates ‘Sagar Manthan’:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু অন্যান্য সহায়ক সংস্থাসমূহৰ সৈতে সম্পর্কিত সকলো তথ্য একত্রিতভাৱে উপলব্ধ থকা ডিজিটেল প্লেটফৰ্ম ‘সাগৰ মন্থন’ নিৰীক্ষণ ডেম্বব’ৰ্ড আজি নতুন দিল্লীত মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীদ্বয় শ্রীপদ য়েছ নায়েক, শান্তনু ঠাকুৰ প্ৰমুখ্যে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

আজি মুকলি কৰা এই ডেশ্ববৰ্ডে সংশ্লিষ্ট তথ্য-পাতিৰ একত্ৰিকৰণ আৰু বিভিন্ন কাম-কাজ, প্রকল্প, পদক্ষেপ আদিৰ অগ্ৰগতি ত্বৰান্বিত কৰাত সহায় কৰিব।

এই সন্দৰ্ভত সর্বানন্দ সোণোৱালে কয়, “সাগৰ মন্থন ডেম্বব’ৰ্ডৰ শুভাৰম্ভণি হৈছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়া দৃষ্টিভংগীৰ দিশত এক সবল পদক্ষেপ।

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ সম্পৰ্কীয় কাম-কাজ তথা সংশ্লিষ্ট সংস্থা আৰু প্ৰতিষ্ঠানসমূহৰ সামগ্রিক প্ৰদৰ্শন উন্নত কৰাত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ থাকিব।

চলিত প্রকল্পসমূহৰ সঠিক নিৰীক্ষ প্রকল্পসমূহৰ কাম সময়মতে সম্পূৰ্ণ হোৱা, এই সংক্ৰান্তীয় সময়োচিত সিদ্ধান্ত লোৱা, প্ৰকল্পসমূহৰ বৰ্ধিত দক্ষতা আৰু কাৰ্যকৰিতা নিশ্চিত কৰিব।

এই আধুনিক নিৰীক্ষণ ব্যৱস্থাই প্রকল্প ট্রেকিং বিপদাশংকা ব্যৱস্থাপনা, কাম-কাজৰ অগ্ৰগতি আদি নিৰীক্ষণ কৰিব, যাৰ ফলত যিকোনো সময়সাপেক্ষ আৰু বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰাত সহায়ক হ’ব।
তদুপৰি, ‘সাগৰ মন্থন’ ডেশ্বব’ৰ্ডৰ শুভাৰম্ভণি হৈছে সামুদ্রিক পৰিবহণ খণ্ডত ডিজিটেলকৰণ আৰু স্বচ্ছতাৰ দিশত এক গুৰুত্বপূৰ্ণ বিকাশ।’

Exit mobile version