Nagaon Police Raid :নগাঁৱৰ বৰঘাট বাইপাছত আৰক্ষীৰ অভিযান

দেহ ব্যৱসায়ৰ ঘাটি উৎখাত,১৭ জনক গ্ৰেপ্তাৰ

WhatsApp Image 2023 03 24 at 12.46.09

Nagaon Police Raid :

নগাঁও চহৰৰ পাশ্বৰ্ৱতী বৰঘাট বাইপাছত যোৱা নিশা আৰক্ষীয়ে অৰ্তকিতে চলোৱা অভিযান দেহ ব্যৱসায়ৰ লগত জড়িত ১৭জনকৈ লোকক গ্রেপ্তাৰ কৰে।

দীৰ্ঘদিন ধৰি বৰঘাট বাইপাছৰ একাংশ ধাবাত সংগোপনে অব্যাহত আছিল দেহ ব্যৱসায় ৷কিন্ত শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে অপৰাধৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ মাজতে বৃহস্পতিবাৰে নিশা ‘ভোগদৈ’ নামৰ ধাবাখনত আৰক্ষীয়ে চলাই অভিযান

বহুদিনৰ পৰা ধাবাখনত চলি থকা অসামাজিক কাম-কাজৰ বাবে নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই ধাবাখনৰ স্বত্বাধিকাৰী ৰাতু হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতী যোগান ধৰোতা দুলাল আহমেদ নামৰ লোক এজনকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

একেদৰে দেহ ব্যৱসায় স’তে জড়িত থকা অভিযোগত ১৭ জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version