Agp-Uppl Pressmeet In Guwahati: ‘ৰাহুল গান্ধী অপৰিপক্ক নেতা,কংগ্ৰেছ দল এতিয়া ৰাইজৰ লগত নাই’

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাছতে প্ৰতিক্ৰিয়া অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ

WhatsApp Image 2023 03 25 at 20.12.09

Agp-Uppl Pressmeet In Guwahati:

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ আজি অসম গণ পৰিষদ আৰু ইউ পি পি এল দলে এক যুটীয়া সংবাদমেল সম্বোধন কৰে ৷

মহানগৰীৰ হোটেল ৰেডিয়েশ্বন ব্ল’ত আয়োজিত সংবাদমেলত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এল সভাপতি প্ৰমোদ বড়োৱে তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কয়,’ৰাহুল গান্ধী অপৰিপক্ক নেতা। তেওঁ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি অপমানসূচক মন্তব্য কৰাৰ বাবে আইনে তেওঁক উচিত শাস্তি দিছে ৷

আনহাতে কংগ্ৰেছ দল এতিয়া ৰাইজৰ লগত নাই৷ দলটো ক্ৰমান্বয়ে ৰাইজৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে বুলি মন্তব্য কৰে বৰাই ৷

আনহাতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সম্পৰ্কত ইউ পি পি এল সভাপতি প্ৰমোদ বড়োৱে কয়, ৰাহুল গান্ধীৰ দৰে তৃতীয় প্ৰজন্মৰ ৰাজনীতিবিদ যি ভাৰতক তিনিজন প্ৰধানমন্ত্ৰী প্ৰদান কৰা পৰিয়ালৰ পৰা আহিছে ৷

কিন্ত অ’বিচি সম্প্ৰদায়ৰ এটাৰ বিৰুদ্ধে অসংসদীয় ভাষা ব্যৱহাৰ কৰে৷ তেওঁৰ এই তিৰ্যক মন্তব্যক আমি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নাগৰিক হিচাপে লজ্জিত অনুভৱ কৰিছো।

এজন সন্মানীয় সাংসদ ৰূপে এটা দায়িত্বত থকা ব্যক্তি এজনে অ’বিচি সম্প্ৰদায় বা আন কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ কোনো অধিকাৰ নাই ।

দেশৰ আইনে তেওঁক এটা সম্প্ৰদায়ক বদনাম কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে ৷ আইন সকলোৰে বাবে সমান ,আইনৰ ঊৰ্ধত কোনো হ’ব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে বিটিআৰৰ মুৰব্বী বড়োৱে ৷

Exit mobile version