Apcc Protest In Guwahati :
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদত আজি সমগ্ৰ দেশজুৰি অখিল ভাৰত কংগ্ৰেছ কমিটিয়ে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হয় ৷
মহানগৰীৰ দিছপুৰৰ এম এল এ হোষ্টেলৰ সমীপৰ লাষ্টগেইটত অসম প্ৰদেশ কংগ্ৰেছৰ শতাধিক নেতা- কৰ্মীয়ে হাতত প্লেকাৰ্ড লৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে,২০১৯ চনৰ এটা মানহানি গোচৰত দোষী সাব্যস্ত হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনীয়া তনয় ৰাহুল গান্ধী ।
‘মোদী উপাধি’ক লৈ কৰা এক মন্তব্যক লৈ দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড ৰায় দিয়ে চুৰাটৰ চেছন ন্যায়াধীশৰ আদালতে। অৱশ্যে তাৰ পিছতে জামিন লাভ কৰে কংগ্ৰেছ নেতাজনে।
উক্ত গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে শুক্ৰবাৰে লোকসভা সচিবালয়ে এক জাননী যোগে খাৰিজ কৰে ৰাহুল গান্ধীৰ সাংসদ পদ।






























