Atdc-Flybig Agreement In Guwahati:অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত

গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত অনা-উড়ান সেৱা

WhatsApp Image 2023 03 25 at 17.35.56

Atdc-Flybig Agreement In Guwahati :

আজি অসমৰ বিমান সংযোগৰ ক্ষেত্ৰখনত এক বৃহৎ সংযোজন ঘটাই অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

নিগমৰ সঞ্চালক প্ৰধান পদ্মপাণি বৰা আৰু ফ্লাইবিগৰ সঞ্চালক সঞ্জয় নটৱৰলাল মাণ্ডাভিয়াৰ মাজত স্বাক্ষৰিত এই বুজাবুজি মৰ্মে গুৱাহাটী বিমানকোঠৰ গ্ৰীষ্মকালীন বিমানসেৱাৰ অনুসূচী ৫টা নতুন স্থান ভুৱনেশ্বৰ, গোৱা, ডেৰাডুন, যোধপুৰ, কইম্বাট’ৰলৈ বিমানসেৱাৰ সিদ্ধান্ত ৷

অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়, এই চুক্তিয়ে গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত অনা-উড়ান পথৰ অধীনত বিমান সংযোগৰ বাবে নতুন দিশ সৃষ্টি কৰিব।

ৰাজ্য চৰকাৰে আঞ্চলিক সংযোগ আৰু পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এই দিশত সম্ভৱত সকলো সহায় তথা সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা সহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

Exit mobile version