Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা

WhatsApp Image 2023 01 23 at 8.29.15 PM

Cm Himanta Biswa Sarma Comments :

গুজৰাটৰ এখন আদালতত ২০১৯ চনৰ এটা মানহানি গোচৰত দোষী সাব্যস্ত হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী

‘মোদী উপাধি’ক লৈ কৰা এক মন্তব্যক লৈ দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড ৰায় দিয়ে চুৰাট জিলা সত্ৰ আৰু চেছন ন্যায়াধীশৰ আদালতে।

অৱশ্যে তাৰ পাছতে জামিন লাভ কৰে কংগ্ৰেছ নেতাজনে। উক্ত গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছতে শুক্ৰবাৰে লোকসভা সচিবালয়ে এক জাননী যোগে খাৰিজ কৰে ৰাহুল গান্ধীৰ সাংসদ পদ।

আনহাতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, চাৰিবছৰ দিন চলি থকা উল্লিখিত মানহানি গোচৰটোৰ বাবে ‘ৰাহুল গান্ধীয়ে সেই সময়তে ক্ষমা বিচাৰিব লাগিছিল। কিন্ত তেওঁ সেইয়া নকৰিলে ৷ এতিয়া আদালতে আইন অনুসৰি ৰায়দান কৰিছে ৷

আদালতৰ সেই সিদ্ধান্তক আমি সমৰ্থন কৰিছোঁ। এইটো থিক যে, ভুল কৰিলেটো শাস্তি পাবই। দেশৰ কোনো সম্প্ৰদায়ক টাৰ্গেট কৰি বিৰূপ মন্তব্য দিয়াটো অনুচিত ৷

এনে প্ৰেক্ষাপটত এটা সম্প্ৰদায়ক অপমান কৰাৰ ফল এতিয়া ভুগিছে ৰাহুল গান্ধীয়ে।’’ আইনে আইনৰ পথ লৈছে ৷ এইয়াই বাস্তৱ বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version