Jal Jeevan Mission :জল জীৱন মিছন’ৰ ৰূপায়ণ সন্দর্ভত ঠিকাদাৰ আৰু তৃতীয় পক্ষ নিৰীক্ষণ সংস্থাৰ প্ৰতিনিধিৰে বৈঠক মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2023 03 25 at 17.19.45 1

Jal Jeevan Mission :

জল জীৱন মিছন’ৰ ৰূপায়ণ সন্দর্ভত ঠিকাদাৰ আৰু তৃতীয় পক্ষ নিৰীক্ষণ সংস্থাৰ প্ৰতিনিধিৰ সৈতে আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় এক পৰ্যালোচনামূলক বৈঠক ৷

বৈঠকত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়, জল জীৱন মিছনৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণে ঘৰুৱা নল সংযোগৰ জৰিয়তে যাতে বিশুদ্ধ খোৱাপানী নিৰন্তৰভাৱে লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ প্ৰয়াস কৰিছে ৷

অসম চৰকাৰে প্ৰধানমন্ত্ৰীৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি ইতিমধ্যে এইক্ষেত্ৰত বহুদূৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰীয়ে ২০২৪ চনৰ মাৰ্চৰ পূৰ্বে এই মিছনৰ লক্ষ্য পূৰণ কৰাৰ বাবে সকলোৰে সহযোগিতা নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷

অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাচী, জল জীৱন মিছনৰ মিছন সঞ্চালক কৈলাস কাৰ্তিক এন প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

Exit mobile version