Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন

WhatsApp Image 2023 03 25 at 13.47.52

Rahul Gandhi Pressmeet In Delhi Aicc Office :

লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি কংগ্ৰেছৰ নতুন দিল্লীস্থ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৷

কেৰালাৰ ৱায়ানাডৰ সংসদীয় সমষ্টিৰ সদ্য প্ৰাক্তন সাংসদজনে কয়, যে তেওঁ “ভাৰতক প্ৰশ্ন সুধিব আৰু গণতন্ত্ৰৰ ৰক্ষাৰ অব্যাহত ৰাখিব অবিৰত যুঁজ

গান্ধীয়ে কয়, “মই পূৰ্বেও বহুবাৰ কৈছো যে দেশত গণতন্ত্ৰক আক্ৰমণ কৰা হৈছে। আমি প্ৰতিদিনে ইয়াৰ উদাহৰণ দেখি আছো। মই প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত সংসদত প্ৰশ্ন সুধিছিলো।” তেওঁ লগতে কয়, “সংসদত দিয়া মোৰ ভাষণ প্ৰত্যাহাৰ কৰা হৈছিল, আৰু পিছত মই লোকসভাৰ অধ্যক্ষলৈ এই সন্দৰ্ভত উত্তৰ বিচাৰি পত্ৰ লিখিছিলো।

আনহাতে কেইবা গৰাকী মন্ত্ৰীয়ে মোৰ বিষয়ে মিছা কৈছিল, যে মই বিদেশী শক্তিৰ পৰা সহায় বিচাৰিছিলো। কিন্তু মই এনেকুৱা কোনো কাম কৰা নাই।

মই পুনৰ দৃঢ়তাৰে কও,মই প্ৰশ্ন কৰা বন্ধ নকৰো, মই প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰি থাকিম… মই প্ৰশ্ন কৰা অব্যাহত ৰাখিম আৰু ভাৰতত গণতন্ত্ৰৰ বাবে যুঁজ দি যাম।”

উল্লেখ্য যে,গুজৰাটৰ এখন আদালতত ২০১৯ চনৰ এটা মানহানি গোচৰত দোষী সাব্যস্ত হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনীয়া তনয় ৰাহুল গান্ধী ।
‘মোদী উপাধি’ক লৈ কৰা এক মন্তব্যক লৈ দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড ৰায় দিয়ে চুৰাটৰ চেছন ন্যায়াধীশৰ আদালতে।

অৱশ্যে তাৰ পিছতে জামিন লাভ কৰে কংগ্ৰেছ নেতাজনে। উক্ত গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছতে শুক্ৰবাৰে লোকসভা সচিবালয়ে এক জাননী যোগে খাৰিজ কৰে ৰাহুল গান্ধীৰ সাংসদ পদ।

কংগ্ৰেছৰ সদৰ দপ্তৰত অনুষ্ঠিত প্ৰেছ কনফাৰেন্স খনত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গান্ধীয়ে আৰু কয় যে, “প্ৰধানমন্ত্ৰীক সদনত ধাৰাবাহিকভাৱে আদানী সম্পৰ্কত সোধা প্ৰশ্নৰ পৰা ৰক্ষা কৰিবলৈ এই গোটেই নাটকখন ৰচনা কৰা হৈছে- কোনে ২০,০০০ কোটি টকা আদানিৰ শ্বেল কোম্পানীলৈ নিছিল? মই এই ভাবুকি, অযোগ্যতা বা কাৰাগাৰৰ শাস্তিৰ বাবে ভয় নকৰোঁ,” ।

তেওঁ লগতে কয়, ” মই কেৱল সঁচা কথা কওঁ, এইটো মোৰ কাম আৰু মই অযোগ্য হ’লেও বা গ্ৰেপ্তাৰ হ’লেও এইটো কৰি থাকিম। এই দেশখনে মোক সকলো দিছে আৰু সেয়েহে মই এনে কাম কৰো আৰু কৰি যাম ৷”

Exit mobile version