APSC Exam : আজি অসম লোকসেৱা আয়োগৰ এই বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা

images 10

APSC Exam :

আজি সমগ্ৰ ৰাজ্যৰ ৩১ পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হয় APSC পৰীক্ষা। মুঠ ৯১৩ টা পদৰ বাবে দেওবাৰে অনুষ্ঠিত কৰা হয় APSC পৰীক্ষা।।

জিলা প্রশাসনে এক নির্দেশনাযোগে জনোৱা অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যৱধানত ১৪৪ ধাৰা জাৰি কৰিছে। পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ দূৰত্বত পৰীক্ষাৰ্থীৰ বাহিৰে আন কোনো লোকক প্ৰৱেশ কৰিব দিয়া হোৱা নাই।

১৪৪ ধাৰা উলংঘন কৰা ব্যক্তিৰ বিৰুদ্ধে আইনগতভাৱে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰিছে।

উল্লেখযোগ্য যে, পুৱা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম ভাগ পৰীক্ষা আৰু দিনৰ দুই বজাৰ পৰা সৰু বজালৈ ২য় ভাগ পৰীক্ষাৰ সময় নিৰ্ধাৰিত কৰা হৈছে।

দুবেলাকৈ অনুষ্ঠিত হোৱা প্ৰাৰম্ভিক পৰীক্ষাত পৰিচয় পত্ৰ আৰু এডমিট কাৰ্ডৰ বাহিৰে পৰীক্ষৰ্থীক কোনো সমগ্ৰী পৰীক্ষা হললৈ নিবলৈ দিয়া নাই।

Exit mobile version