Missing : চিম্বৰগাওঁৰ পানবাৰীত বিশ্বদেৱ চৰেন নামৰ এজন লোক সন্ধানহীন

f8fc58d2 9619 4814 83db b20774fe724d

Missing :

কোকৰাঝাৰ জিলাৰ বালাজান উপ-আৰক্ষী চকীৰ অন্তৰ্গত চিম্বৰগাওঁ পানবাৰীৰ বিশ্বদেৱ চৰেন নামৰ এজন ব্যক্তি সন্ধানহীন হৈ আছে।

বিগত ১৬ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে বিশ্বদেৱ চৰেন। পৰিয়ালৰ সদস্য সকলে জনোৱা মতে যোৱা ১৬ ফেব্ৰুৱাৰীৰ দিনাখন যোৰহাট জিলাৰ তিতাবৰত থকা তেখেতৰ ছোৱালীৰ ঘৰলৈ বুলি ওলাই যায় যদিও সঠিক সময়ত গৈ নাপায় আৰু তাৰ পাছতেই পৰিয়ালৰ লোকে চাৰিওফালে খবৰ লয় যদিও কিন্তু আজিলৈ বিশ্বদেৱ চৰেনৰ কোনো সুংসুত্ৰ পোৱা নাই পৰিয়ালৰ লোকে।

সেয়েহে দূৰ্ভগীয়া পৰিয়ালটোৱে বালাজান উপ-আৰক্ষী চকীত এখন এজাহাৰ দিয়ে আৰু আজি সংবাদমাধ্যমযোগে সকলোৰে সহায় বিছাৰে।

যদি বিশ্বদেৱ চৰেনক কোনোবাই কৰবাত দেখা পায় তেন্তে পৰিয়ালটোৰ স’তে ৯৬৭৮২৪০২৩৪ আৰু ৮১৩৩৫৯২৯০৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰলোকে।

Exit mobile version