Rhino Killed In Kaziranga:কাজিৰঙাত গড় হত্যা

বছৰটোৰ প্ৰথমটো গঁড় হত্যা ৰাষ্ট্ৰীয় উদ্যান খনত

WhatsApp Image 2023 03 27 at 12.32.36 1

Rhino Killed In Kaziranga:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আকৌ গড় হত্যা ৷ বছৰটোৰ প্ৰথমটো গড় হত্যা ৷গড় হত্যা কৰি চোৰাং চিকাৰী খৰ্গ কাটি লৈ পলায়ন কৰে ৷

অভয়াৰণ্য খনৰ বাগৰি বনাঞ্চলৰ কাঠপাৰা ৰেঞ্জত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷ সন্দেহ কৰা মতে পাঁচদিন পূৰ্বে চোৰাং চিকাৰীয়ে অভয়াৰণ্য খনত প্ৰৱেশ কৰি গড়টো হত্যা কৰি খৰ্গ লৈ উধাও হয় ৷

কিন্ত দেওবাৰে বনকৰ্মীৰ নিয়মীয়া পৰিদৰ্শনৰ সময়ত খৰ্গবিহীন মৃত গড়টো উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতে সেই স্থানত উপস্থিত হয় বন বিভাগৰ উচ্চপদস্থ বিষয়াসহ অভয়াৰণ্যৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈ ৷

উল্লেখ্য যে,বিগত বৰ্ষৰ জানুৱাৰী মাহৰ মধ্য ভাগতো কহৰা বনাঞ্চলৰ শিলেখুন্দা ৰেঞ্জত গড় হত্যা সংঘটিত হৈছিল ৷

মনকৰিবলগীয়া যে,অহা মাহৰ ছয় এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি
দ্ৰৌপদী মূৰ্মু। তাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অভয়াৰণ্যৰ চৌদিশ ৷

এনেক্ষেত্ৰত চোৰাং চিকাৰীয়ে উদ্যান খনত প্ৰৱেশ কৰি গড় হত্যা কৰি খৰ্গ লৈ উধাও হোৱা ঘটনাও বন বিভাগৰ নিৰাপত্তাৰ প্ৰকৃত ছবি খন পুনৰ এবাৰ উন্মোচিত কৰিলে ৷

Exit mobile version