Broiler Bolero PickUp Van Seized : চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙলি দেখুৱাই ৰাজ্যত অব্যাহত আছে ব্রয়লাৰ সৰবৰাহ

কুম্ভকৰ্ণ নিদ্ৰাত পশুপালন বিভাগ

WhatsApp Image 2023 03 28 at 13.24.18 1

Broiler Bolero PickUp Van Seized :

ৰাজ্য চৰকাৰে কঠোৰ ভাৱে নিৰ্দেশনা জাৰি কৰিছে যে ৰাজ্যত বহি:ৰাজ্যৰ ব্রয়লাৰ সৰবৰাহ বন্ধ থাকিব ৷
কিন্ত শেহতীয়াকৈ চৰকাৰৰ নিদেৰ্শনাক এক প্ৰকাৰ নস্যাৎ কৰি একাংশ ব্রয়লাৰ ব্যৱসায়ীয়ে সংগোপনে চলাই গৈছে ব্রয়লাৰ সৰবৰাহ ৷ ৰাজ্য খনৰ নামনি জিলা কেইখনত গোপনে অব্যাহত ব্রয়লাৰ সৰবৰাহ

ব্রয়লাৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ মাজতে কোকোৰাঝাৰ জিলাৰ অসম-পশ্চিমবংগ সীমান্তৰ্ৱতী শ্রীৰামপুৰত ব্রয়লাৰ ভৰ্তি চাৰিখন পিকআপ ভান জব্দ কৰে আৰক্ষীয়ে ৷

শিমুলটাপু আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অৰ্তকিতে চলোৱা অভিযানত জব্দ হয় বাহনকেইখন ৷ উল্লেখ্য যে,পশ্চিমবংগৰ পৰা চোৰাং পথেৰে অসমত প্রৱেশ কৰিছিল ব্রয়লাৰভৰ্তি পিক আপ ভান কেইখন ৷

Exit mobile version