Abhayapuri : অভয়াপুৰীৰ ডুমেৰগুৰীত শোকাৱহ ঘটনা, অশোকাষ্টমীত স্নান কৰিবলৈ গৈ ছাত্ৰৰ সলিল সমাধি

Screenshot 2023 03 29 19 04 21 44 6012fa4d4ddec268fc5c7112cbb265e7

Abhayapuri :

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী ডুমেৰগুৰীত আজি অশোকাষ্টমী উপলক্ষে আই নৈত স্নান কৰিবলৈ গৈ ঘূৰি নাহিল সন্দীৱ সৰকাৰ ।

ছাত্ৰ জনৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিবেশে বিৰাজ কৰিছে ৷ তথ্য অনুসৰি বিগত বহু বছৰ ধৰি অভয়াপুৰীৰ নিকটবৰ্ত্তী ডুমেৰগুৰীত স্থানীয় একাংশ লোকে আই নৈৰ পাৰত অশোকাষ্টমী মেলা অনুষ্ঠিত কৰি আহিছে ৷

সেইমৰ্মে আজি অশোকাষ্টমী উপলক্ষে পুৱাৰ পৰাই ভক্তৰ ভিৰ পৰিলক্ষিত হয় ৷ ভক্তৰ পূজা-পাৰ্বণৰ পাছতেই নৈত স্নান কৰিবলৈ যোৱা ছাত্ৰ এজন সন্ধানহীন হোৱাত উৎসৱস্থলীত হুৱাদুৱা লাগে।

বহু সময় ধৰি বিচাৰ-খোচাৰৰ অন্তত প্ৰায় তিনি চাৰি ঘণ্টাৰ পাছত সন্ধানহীন ছাত্ৰজনৰ মৃতদেহ নৈখনৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তথ্য অনুসৰি অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰ সন্দীৱ সৰকাৰৰ ঘৰ লেংটিছিঙা নিকটবৰ্ত্তী জানেৰমুখত ।

Exit mobile version