Nagaon Protest : ৰাহুলগান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

IMG 20230329 181912

Nagaon Protest :

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ প্ৰতিবাদত নগাঁও জিলা কংগ্ৰেছে আজি তিনিদিন ধৰি ধাৰাবাহিক ভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ADVERTISEMENT

আজি জিলা কংগ্ৰেছৰ অনুসুচীত জাতি ,অনুসুচীত জনজাতি ,অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু কোষৰ উদ্যোগত নগাঁও চহৰৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিৰ সমীপত কংগ্ৰেছৰ নেতা কৰ্মী সকলে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ প্ৰতিবাদত এই কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা এই কাৰ্য্যসূচীত প্ৰতিবাদকাৰী সকলে ৰাহুল গান্ধী জিন্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায় ,বিজেপি চৰকাৰ হায় হায়, স্বৈৰাচাৰী শাসন বন্ধ কৰক ,গনতন্ত্ৰ হত্যা বন্ধ কৰক ,কংগ্ৰেছ জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদী কাৰ্য্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা ,কংগ্ৰেছ নেতা ভাস্কৰ গোস্বামী ,হবিবুৰ ইদ্ৰিছ চৌধুৰীৰ লগতে কংগ্ৰেছৰ ভাতৃ সংগঠন মহিলা কংগ্ৰেছ ,যুৱ কংগ্ৰেছ ,এন এছ ইউ আই আৰু সেৱা দলৰ নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে ৷

Exit mobile version