Pakistan :পাকিস্তানত চিকিৎসা হৈছে দুৰ্লভ, দৰবৰ চৰম নাটনি

images 11

Pakistan :

পাকিস্তানৰ বিত্তীয় সংকট অধিক গভীৰ হোৱাৰ সময়তে দেশখনত দৰবৰ নাটনিয়ে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে।

পাকিস্তানস্থিত ‘দ্য নিউজ ইণ্টাৰনেচনেল’-এ স্থানীয় সংবাদ মাধ্যমৰ তথ্য উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি বৈদেশিক মুদ্ৰাৰ অভাৱত পাকিস্তানে সম্প্রতি বিদেশৰ পৰা জীৱনদায়িনী দৰব আমদানি কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

বিশেষকৈ কৰ্কট, প্ৰজননৰ বিভিন্ন দৰব আৰু প্ৰতিষেধক বিদেশৰ পৰা আমদানি কৰাটো সম্প্রতি প্রায় অসম্ভৱ হৈছে।

ফলত প্ৰয়োজনীয় দৰবৰ অভাৱত দেশখনত ৰোগীক চিকিৎসা প্ৰদান কৰাটো কঠিন হৈছে। ডলাৰৰ বিপৰীতে পাকিস্তানী মুদ্ৰাৰ মূল্য অৱনমিত হোৱা আৰু পাকিস্তানৰ ড্ৰাগ ৰেগুলেটৰি অথ’ৰিটি (ডিআৰএপি)ৰ বিতর্কিত দৰব মূল্য নিৰ্ধাৰণ নীতিৰ ফলত দেশখনত দৰবৰ মূল্য শেহতীয়াভাৱে কেবাগুণ বৃদ্ধি পাইছে।

Exit mobile version