Sarbananda Sonowal : চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টার্ণগ্রিড বিকাশৰ পৰিকল্পনা কৰিছে: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

8c3315be 46d6 4379 be32 e7a0a0986b11

Sarbananda Sonowal : 

দিল্লীত দ্বিতীয় অভ্যন্তৰীণ জলপথ সন্মিলনৰ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাঁচ হেজাৰ কিলোমিটাৰ নৌবাহী জলপথৰ স’তে ইষ্টাৰ্ণ গ্ৰিডৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে।

পি এইচ ডি চি চি আইৰদ্বাৰা দিল্লীত আয়োজিত দ্বিতীয় অভ্যন্তৰীণ জলপথ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ দিশটোৰ কথা সদৰী কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয়, “মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে পাঁচ হেজাৰ কিলোমিটাৰতকৈও অধিক নৌবাহী জলপথৰ স’তে পূব গ্ৰিডৰ বিকাশৰ বাবে ব্যাপক পৰিকল্পনাৰে কাম কৰি আছে।

ৰাষ্ট্ৰীয় জলপথ ১ – গংগা নদীৰ ওপৰত কৰা কামৰ ইতিবাচক ফলাফলৰদ্বাৰা আমি অত্যন্ত উৎসাহিত হৈছোঁ। পূব ভাৰতৰ নদীসমূহৰ সমৃদ্ধ সুযোগ-সম্ভাৱনা আছে য’ত কিছুমান আন্তঃৰাষ্ট্ৰীয় জলপথৰ সৈতে ৪টা মুখ্য জলপথ আছে, আমি এই গ্ৰিডৰ জৰিয়তে পাঁচ হেজাৰ কিলোমিটাৰৰ নৌবাহী জলপথৰ এই বিশাল সম্ভাৱনা উন্মুক্ত কৰি ইয়াৰ সৰ্বাংগীণ বিকাশ কৰিব
বিচাৰোঁ।

এই গ্ৰিডৰ বিকাশে কেৱল আঞ্চলিক সমন্বয়- সহযোগিতাই বৃদ্ধি নকৰে, লগতে উন্নয়নো যথেষ্ট ত্বৰান্বিত কৰিব আৰু ই বিবিয়ান দেশসমূহ (বাংলাদেশ, ভূটান, ভাৰত, নেপাল)ৰ ভিতৰত পূব ভাৰতৰ বাণিজ্যক অধিক গতিশীলতা প্ৰদান কৰিব।

ই ম্যানমাৰ, থাইলেণ্ড, মালয়ছিয়া আৰু ছিংগাপুৰৰ দৰে দেশৰ সৈতে বাণিজ্যৰ সম্ভাৱনাও অধিক বৃদ্ধি কৰিব। প্রধানমন্ত্রী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি ভাৰতৰ পূব অংশৰ অৰ্থনৈতিক প্ৰগতি আৰু বিকাশৰ বাবে বাণিজ্যৰ এই অপৰিসীম সম্ভাৱনাৰ অন্বেষণৰ দিশত আগবাঢ়িছোঁ।”

আজিৰ এই অনুষ্ঠানটোত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়, পি এইচ ডি চি চি আই আদিৰ উচ্চপদস্থ বিষয়াসকল প্রমুখ্যে উদ্যোগপতি, উদ্যমী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Exit mobile version