Assam Liquor License:আঠ জিলাত নতুনকৈ ১৪ খন বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান

দেশীয় সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰও আবণ্টন দি আছে বিভাগে, ১১ মাহত ২৪৮৯ খন মদৰ দোকানৰ পৰা ৩৫৪৮ কোটি টকা ৰাজহ অৰ্জন

WhatsApp Image 2023 03 30 at 11.25.52

Assam Liquor License:

চৰকাৰ-প্ৰশাসন চলাবলৈ যি সময়ত ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা হেজাৰ হেজাৰ কোটি টকা ঋণ লৈছে, সেই একে সময়তে ৰাজ্যৰ আবকাৰী বিভাগে সৰ্বাধিক অৰিহণা যোগাইছে ৰাজকোষলৈ। চলিত বিত্তীয় বৰ্ষৰ যোৱা ফেব্ৰুৱাৰীলৈকে অৰ্থাৎ বিগত ১১ টা মাহত আবকাৰী বিভাগে ৰাজকোষত জমা দিছে |

অভিলেখ সংখ্যক ৩,৫৪৮.৩১ কোটি টকাৰ ৰাজহ । উল্লেখ্য যে ৰাজ্যখনত থকা ১৭০৮ খন বিদেশী সুৰাৰ দোকান আৰু ৭৮১খন দেশীয় সুৰাৰ দোকানকে ধৰি মুঠতে ২৪৮৯খন মদৰ দোকানৰ জৰিয়তে বিক্ৰী হোৱা সুৰাৰ পৰা আৰ্জিত এই বৃহৎ পৰিমাণৰ ৰাজহৰ ভিতৰত ২২০১.৯৪ কোটি টকা আবকাৰী ৰাজহ আৰু ১৩৪৬.৩৭ কোটি টকা ভেটৰ মাধ্যমৰে সংগৃহীত ৰাজহ

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত আবকাৰী মন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাই আজি বিধানসভাত প্ৰকাশ কৰা তথ্য মতে, বিগত 2021-22 বিত্তীয় বৰ্ষত আবকাৰী বিভাগে সুৰাৰ বিক্ৰীৰ জৰিয়তে ৰাজকোষত জমা দিছিল ৩,০৪৭.৯৮ কোটি টকাৰ ৰাজহ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰীজনে আজি সদৰী কৰে যে ৰাজ্যত নতুনকৈ বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ কোনো সিদ্ধান্ত নাই যদিও নগৰ অঞ্চলত চলি থকা হোটেল আৰু ৰেষ্টুৰেণ্টসমূহত বাৰৰ আবেদন অনুযায়ী আবণ্টন দিয়াৰ ব্যৱস্থা আছে ।

অৱশ্যে ইয়াৰ মাজতো আৱকাৰী বিভাগে ১১ খন জিলা ক্ৰমে লখিমপুৰ, চৰাইদেউ, শোণিতপুৰ, ধুবুৰী, ধেমাজি, হাইলাকান্দি, কৰিমগঞ্জ, ওদালগুৰি, কামৰূপ, কামৰূপ মহানগৰ আৰু কাছাৰ জিলাত নতুনকৈ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত লৈছিল।

ইয়াৰে ভিতৰত ইতিমধ্যে কামৰূপ মহানগৰ, কামৰূপ, কাছাৰ, চৰাইদেউ আৰু লখিমপুৰত এখনকৈ আৰু শোণিতপুৰ, ধুবুৰী আৰু ধেমাজিত তিনিখনকৈ অনুজ্ঞাপত্ৰ অনুমোদন দিয়া হৈছে। অর্থাৎ মুঠতে ১৪ খন বিদেশী সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে। ইফালে, নগৰ আৰু গ্ৰামাঞ্চলত দেশীয় মদৰ দোকানৰ অনুজ্ঞাপত্র আবেদন অনুযায়ী আবণ্টন দি থকা হৈছে।

Exit mobile version