China : চীনত বিবাহত উঠিছে যৌতুকৰ ধুম, ৪০ লাখ টকালৈকে যৌতুক দাবী কইনাৰ

China :

ভাৰতত বা পাকিস্তানত বিবাহৰ ক্ষেত্ৰত যৌতুকৰ আদান-প্রদান তেনেই সাধাৰণ ঘটনা। যৌতুকৰ কুপ্ৰথাৰ কাৰণতে বহু সময়ত বিবাহ ভংগৰ দৰে ঘটনাও

এই দুই দেশত সংঘটিত হৈ আহিছে। কিন্তু সম্প্রতী চীনতো বিবাহৰ ক্ষেত্ৰত যৌতুক প্রথা প্রচলিত হ’বলৈ ধৰিছে। অৱশ্যে চীনত কইনাপক্ষই নহয়,বিবাহত যৌতুক আদায় দিবলগা হৈছে দৰাপক্ষই।

দৰাচলতে চীনত বিবাহৰ বাবে কইনাৰ যথেষ্ট অভাৱ ঘটিছে। কে’বা দশক ধৰি চীনত ‘এক সন্তান’ নীতি বাহাল থকাৰ ফলত দেশখনত কন্যা সন্তানৰ সংখ্যা যথেষ্ট হ্রাস পাইছিল।

ইয়াৰে পৰিণতিত সম্প্ৰতি দেশখনৰ বহু বিবাহ উপযুক্ত যুৱকে কইনা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। ইয়াৰে সুযোগ গ্ৰহণ কৰি চীনৰ একাংশ কন্যা সন্তানৰ অভিভাৱকে বিবাহৰ বাবে দৰাপক্ষৰ পৰা বৃহৎ পৰিমাণৰ যৌতুক দাবী কৰিছে।

প্ৰকাশিত বাতৰি অনুসৰি, চীনৰ ‘বোৱাৰী মূল্য’ পৰম্পৰাৰ অধীনত বিবাহ উপযোগী কন্যাৰ পিতৃ-মাতৃয়ে দৰাপক্ষৰ পৰা বিবাহত ১৬-১৭ লাখ টকাৰ যৌতুক দাবী কৰিছে।

একাংশ অভিভাৱকে যৌতুক হিচাপে ৪০ লাখ টকাৰো অধিক ধন দাবী কৰাৰ অভিযোগ উত্থাপিত উঠিছে। চীনত এই ধৰণৰ যৌতুক প্রথাক কাইলি বুলি কোৱা হয়।

এই প্ৰথাৰ ফলত সম্প্ৰতি চীনৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ বহু যুৱকে বৈবাহিক জীৱন আৰম্ভ কৰিব পৰা নাই। অৱশ্যে চীনৰ কমিউনিষ্ট পাৰ্টিয়ে কাইলি প্ৰথাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

Exit mobile version