Covid Update: দেশত এদিনতে তিনি হেজাৰতকৈও অধিক লোক আক্ৰান্ত কৰ’নাত

Corona 1

Covid Update :

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । যোৱা কিছুদিন ধৰি সংক্ৰমণৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে । এইবাৰ এই হাৰে উদ্বেগ বৃদ্ধি কৰিছে । এদিনতে আক্ৰান্ত হৈছে তিনি হেজাৰতকৈও অধিক লোক ।

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত, দেশত তিনি হেজাৰ ১৬ জন লোক কৰ’নাত সংক্ৰমিত হৈছে।

বুধবাৰে, আক্ৰান্তৰ সংখ্যা আছিল দুহেজাৰ ১৫১ জন। অৰ্থাৎ এদিনত আক্ৰান্তৰ সংখ্যা প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে।

অধিক উদ্বেগজনক ভাৱে, দেশৰ দৈনিক ইতিবাচকতাৰ হাৰ ২.৭৩ শতাংশলৈ বৃদ্ধি হৈছে। সাপ্তাহিক ইতিবাচকতাৰ হাৰও ১.৭১ শতাংশলৈ বৃদ্ধি পাইছে।

দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও প্ৰতিদিনে সামান্য বাঢ়ি আহিছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৩ হেজাৰ ৫০৯ জন।

যোৱা ২৪ ঘণ্টাত, মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যু হৈছে ছয়জন লোকৰ । মহাৰাষ্ট্ৰত তিনিজন, দিল্লীত দুজন আৰু হাৰিয়ানাত এজনলোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

ফলস্বৰূপে, দেশত মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখ ৩০ হেজাৰ ৮৬২ লৈ বৃদ্ধি হৈছে। কিন্তু ইয়াৰ মাজতে, সুস্থতাৰ হাৰে সকাহ দিছে। ৯৮.৭৮ শতাংশ ৰোগিয়ে কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে । ইয়াৰ উপৰিও, চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যাও কম।

এই পৰিস্থিতিত, বিশ্ব স্বাস্থ্য সংস্থাই সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পুনৰ টিকাকৰণৰ ওপৰত নতুন নিৰ্দেশনা জাৰী কৰিছে।

তাত কোৱা হৈছে যে কৰ’না ভেকছিনৰ দুটা পালি গ্ৰহণ কৰা হ’লেও, পুনৰ এটা নতুন বুষ্টাৰ পালি গ্ৰহণ কৰিব লাগিব। বুষ্টাৰ লোৱা হ’লেও, পুনৰ বুষ্টাৰ ল’ব লাগিব।

Exit mobile version